আমি সকলোৱে জানো যে সাপ আৰু নেউল দুয়োটা প্ৰাণী এটা আনটোৰ যুগ যুগৰ শত্ৰু ৷ এই শত্ৰুতা বছৰ বছৰ ধৰি বহুতো প্ৰবচন আৰু প্ৰবাদৰ এক উৎস হৈ আহিছে। সাপ আৰু নেউলক কেন্দ্ৰ কৰি বহু আমোদজনক কাহিনীও আছে ৷ অৱশ্যে সাপ আৰু নেউলৰ মাজৰ এই শত্ৰুতা স্বাভাৱিক।
কিন্তু, আপুনি বাৰু কেতিয়াবা ভাবিছেনে যে এই দুটা প্ৰাণীৰ মাজত কিয় যুগ যুগ ধৰি এনেকৈ শত্ৰুতা চলি আহিছে যে ইহঁতৰ এটাই আনটোক দেখিলেই আক্ৰমণ কৰে ৷ যিহেতু ইণ্টাৰনেটত এই বেছিভাগ প্ৰশ্নৰেই উত্তৰ পোৱা যায় সেয়েহে এই প্ৰশ্নটোৱেই নিউজ ১৮ নামৰ সংবাদ মাধ্যমে জনপ্ৰিয় চাইট কিউৰা(Quora )ত পোষ্ট কৰিছিল আৰু তেওঁলোকৰ এক প্ৰতিবেদন অনুসৰি ইয়াৰ আটাইতকৈ মৌলিক উত্তৰটো আছিল যে সিহঁতৰ জীয়াই থকাৰ স্বাভাৱিক প্ৰবৃত্তিৰ বাবেই ইহঁতৰ এটা আনটোৰ আজীৱন শত্ৰু । এই দুইবিধ প্ৰাণীৰ এটাই আনটোক দেখিলেই আক্ৰমণ কৰে কাৰণ দুয়োটাই জীয়াই থাকিবলৈ বিচাৰে । সাপে নিজে জীয়াই থাকিবৰ বাবে নেউলক মাৰি পেলাবলৈ বিচাৰে আৰু ঠিক তেনেদৰে নেউলটোৱেও সাপক মাৰিব বিচাৰে যাতে নেউলটো নিজে জীয়াই থাকিব পাৰে।
আনহাতে এই সন্দৰ্ভত আন এটা উত্তৰৰ পৰা এই কথা অনুমান কৰিব পাৰি যে নেউলৰ পোৱালিবোৰ প্ৰায়ে সাপৰ চিকাৰৰ বলী হয় । সাপে প্ৰায়ে নেউলৰ পোৱালীবোৰ খাই পেলাই আৰু সেয়েহে নেউলে সাপক আক্ৰমণ কৰি নিজৰ পোৱালিবোৰক ইয়াৰ পৰা ৰক্ষা কৰে।
যিহেতু নেউলে সাপতকৈ বেছি ক্ষীপ্ৰতাৰে চলাচল কৰিব পাৰে আৰু সেয়েহে ই বেছিভাগ ক্ষেত্ৰতে নিজকে বচাবও পাৰে। বিশ্বাস কৰা হয় যে সাপ আৰু নেউলৰ যুঁজত ৮০ শতাংশ সময়ত নেউলেই জয়ী হয়। যিহেতু নেউলৰ শৰীৰত এচিটাইলক’লিন ৰিফ্লেক্স থাকে, সেয়েহে ই সাপৰ বিষত থকা নিউৰ’টক্সিনৰ পৰা সুৰক্ষিত হয়।আনহাতে ইয়াৰ ডি এন এত থকা আলফা আৰু বিটা ব্লকাৰে ইয়াক সাপৰ বিষৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰে।