বছৰৰ আৰম্ভনিতে বিতর্কৰ আৱর্তত সোমাই পৰিছে জনপ্ৰিয় অভিনেতা চনু সুদ ৷ বিভিন্ন সময়ত মানুহক কৰা সহায়ৰ বাবে সঘনাই সংবাদ শিৰোনামত থকা চনু এইবাৰ এটা বিশেষ ভিডিঅ’ৰ বাবে বিতর্কৰ সৃষ্টি হৈছে ৷চলন্ত ৰেলৰ দর্জাৰ সন্মুখত প্লেটফর্মত বহি যাত্ৰা কৰাৰ ভিডিঅ’ পোষ্ট কৰিছিল চনুৱে ৷ যিটো অত্যন্ত বিপদজনক ৷
বহুতে চনুক অনুসৰণ কৰে। অভিনেতাজনৰ কাম-কাজ আনে দেখি এনে পন্থা অৱলম্বন কৰিলে অতি বিপদজনক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। অনুৰাগীসকলেও সেই আশংকাক লৈ উদ্বেগ প্ৰকাশ কৰে। আনকি উত্তৰ ৰে’ল বিভাগেও অভিনেতা জনক সতৰ্ক কৰি দিয়ে ৷ ৰে’ল বিভাগে কয় -, “লাখ লাখ মানুহে আপোনাক আদৰ্শ বুলি ভাবে। ৰেলৰ প্লেটফৰ্মত বহি যাত্ৰা অতি বিপদজনক। প্ৰশংসনীয় হোৱাতকৈও এনে ভিডিঅ’ই ভুল বাৰ্তা বিয়পাব পাৰে। এনেধৰণৰ ভিডিও প্ৰচাৰ নকৰিব। আসনত বহি নিৰাপদভাৱে ৰেল যাত্ৰাৰ আনন্দ উপভোগ কৰক, ।”
ইয়াৰ পিছত অৱশ্যে ৰেলৱেৰ ওচৰত ক্ষমা খুজি চনুৱে ভিডিঅ’টো ডিলিট কৰি দিয়ে ৷ অভিনেতাজনে কয় যে তেওঁ দৰিদ্ৰ লোকসকলৰ যন্ত্ৰণা বুজিবলৈ চেষ্টা কৰিছিল, যিসকলে প্ৰতিদিনে ৰে’লৰ দুৱাৰৰ সন্মুখতে জীৱন কটায় আহিছে ৷ উল্লেখ্য যে দৰিদ্ৰ লোকসকলক সহায় কৰি আহিছে অভিনেতাজনে ৷ ক’ভিডৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলক তেওঁ সহায় কৰিছিল ৷