বিভিন্ন আজৱ কামেৰে সমাজত বহুলোকে চর্চাত থাকিব বিচাৰে ৷ বিভিন্ন এনে কামেৰে বহুলোকে গঢ়িছে অভিলেখ ৷ এইবাৰ ইজিপ্তৰ এজন লোকে ১৫,৭৩০ কিলোগ্ৰাম ওজনৰ এখন ট্ৰাক দাঁতেৰে টানি নিজৰ নাম সন্নিৱিষ্ট কৰিলে গীণিজ ৱর্ল্ড ৰেকর্ডত ৷ ‘দাঁতেৰে টানি অনা আটাইতকৈ গধুৰ পথ বাহন’ৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ তেওঁ সক্ষম হৈছে । এই ক্লিপটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁলোকৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে।
ভিডিঅ’টোত এজন ব্যক্তিয়ে ইজিপ্তৰ পথত এখন ট্ৰাক দাঁতেৰে টানি নিয়া পৰিলক্ষিত হৈছিল ৷ ক্লিপটোৱে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে তেওঁৰ দন্ত চিকিৎসকক লৈ বহুতে কৌতুহলী হৈ পৰিছিল।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি ২০২১ চনৰ ১৩ জুনত ইজিপ্তৰ ইছমাইলিয়াত আশ্ৰাফ মাহৰুছ মহম্মদ চুলিমানে এই অভিলেখ সৃষ্টি কৰিছিল। চুলিমানে এই অভিলেখটোক ‘ব্যক্তিগত কৃতিত্ব’ হিচাপে চেষ্টা কৰিছিল। ভিডিঅ’টোৰ লগতে এইদৰে লিখা আছে-, “দাঁতেৰে টানি অনা আটাইতকৈ গধুৰ পথৰ বাহন: ১৫,৭৩০.০ কিলোগ্ৰাম (৩৪.৬৭৮.৭১৪ পাউণ্ড) আশ্ৰাফ চুলিমানৰ দ্বাৰা।”