আপোনাৰ বাৰু গুগল গুৰু গুৰু উপাধ্যায়ৰ কথা মনত আছেনে ? বৰ্তমান ৬বছৰীয়া হ’ল বিশ্বৰ সৰ্বকণিষ্ঠ গুগল গুৰু হিচাপে খ্যাত গুৰু উপাধ্যায় ৷ কিন্তু বৰ্তমান ক’ত আছে বাৰু কণমানি শিশুটি ? ক’ত হেৰাল বাৰু তেওঁ ?এই সময়ত বহু প্ৰশ্নই হয়তো আপোনাৰ মনলৈ আহিছে ৷ কিন্তু বৰ্তমান সামাজিক মাধ্যম নাইবা সংবাদ মাধ্যম ক’তোৱেই কোনো খবৰ নাই দুবছৰ বয়সতে বিশ্ব অভিলেখ গঢ়া এই শিশুটিৰ ৷
আপুনি বাৰু জানেনে যে ২বছৰ বয়সতে গুৰু উপাধ্যায়ক যি প্ৰশ্নই সোধা হয় তাৰেই উত্তৰ দিব পাৰিছিল তেওঁ ৷ পিতৃ-মাতৃৰ কোলাত বহিয়েই তেওঁ ক’ব পাৰিছিল বিশ্বৰ প্ৰতিখন দেশৰ ৰাজধানীৰ নাম ৷ এখন দেশৰ ৰাষ্ট্ৰীয় পতাকা দেখিয়েই ক’ব পাৰিছিল দেশখনৰ নাম ৷ লগতে গোলকত বা মেপত চিনাক্ত কৰিব পাৰিছিল বিশ্বৰ প্ৰতিখন ঠাই ৷ নাইবা দেশৰ যোকোনো চুবুৰীয়া দেশৰ কথাও ক’ব পাৰিছিল এই দুবছৰীয়া গুগল গুৰুৱে দিব পাৰিছিল এটাৰ পিছত আনটো উত্তৰ ৷
সেই সময়ত ইউ.পি. এছ.ছি পৰীক্ষাৰ বাবে অধ্যয়ন কৰি থকা উত্তৰ প্ৰদেশৰ মথুৰাৰ বাসিন্দা অৰবিন্দ কুমাৰ উপাধ্যায় আৰু প্ৰিয়া উপাধ্যায়ৰ সন্তান গুৰু উপাধ্যায় ৷ ২০১৬চনৰ ১৪জুলাইত জন্মগ্ৰহণ কৰা এই শিশুটিৰ গুৰু নাম থ’লে বৰদেউতাকে ৷ কণমানি শিশুটিক প্ৰথমবাৰ দেখিয়েই বৰদেউতাক ডক্তৰ প্ৰদীপ উপাধ্যায়ে নাম থ’লে গুৰু ৷ সেয়েহে পিতৃ-মাতৃয়ে তেজস নাম দিয়াৰ পিছতো কণমানি শিশুটিৰ প্ৰচলিত নাম ৰখা হ’ল গুৰু ৷
পিতৃ-মাতৃক অধ্যয়ন কৰিবলৈ বাধ্য কৰোৱা গুৰুৰ এই প্ৰতিভা দেখি স্তব্ধ হৈছিল সমগ্ৰ বিশ্ববাসী ৷ কথা স্পষ্টকৈ ক’ব নোৱাৰা গুৰুৱে এবাৰ শুনাৰ পিছতেই যিকোনো কথা মনত ৰাখিব পাৰে ৷ পঢ়িব লিখিব নিশিকাকৈয়ে গুৰুৱে মাত্ৰ দেখি আৰু শুনি সকলো কথা মনত ৰাখে ৷ বিশেষজ্ঞ সকলৰ মতে মাতৃ গৰ্ভত থাকোতেই শৈক্ষিক জগতখনৰ সংস্পৰ্শলৈ আহিছিল গুৰু ৷ মাতৃৰ জীৱনৰ লক্ষ অৰু অধ্যয়নৰ বাবেই দুবছৰীয়া শিশুটিয়েও মাতৃগৰ্ভত থকাৰ পৰাই মাহাভাৰতৰ অভিমন্যুৰ দৰেই সকলোবোৰ শিকিবলৈ লৈছিল ৷বিশেষজ্ঞ সকলৰ মতে এয়া সম্ভৱ কাৰণ এনে শিশুৰ আই কিউ লেভেল হয় ১০০ৰ পৰা ১৪৭ পৰ্য্যন্ত ৷
বৰ্তমান ৬বছৰীয়া হ’ল গুগল গুৰু ৷ দুবছৰ দহ মাহ বয়সতে বৃন্দাবনৰ গুৰু উপাধ্যায়ে ‘গুগল গুৰু’ নামেৰে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। এছিয়া বুক অৱ ৰেকৰ্ডছত লিপিবদ্ধ হৈছিল গুৰু উপাধ্যায়ৰ নাম।এছিয়া বুক অৱ ৰেকৰ্ডছৰ দলটোৱে অৰবিন্দ উপাধ্যায়ৰ পুত্ৰ গুৰু উপাধ্যায়ৰ পৰীক্ষা লৈছিল । গুৰুক সোধা হৈছিল এবছৰৰ কাৰেণ্ট এফেয়াৰ আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পদাৰ্থ বিজ্ঞান, গণিতৰ সূত্ৰৰ বিষয়ে ।
গুৰু উপাধ্যায়ে এক মিনিট ৪৮ ছেকেণ্ডত ৩৪ টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিল। আনহাতে ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা ২০১৯ চনৰ মে’মাহলৈকে বিশ্বজুৰি সংঘটিত হোৱা পৰিঘটনাসমূহৰ বিষয়েও দলটোৱে শিশুটিক প্ৰশ্ন কৰিছল ।
কিন্তু আচৰিত কথা যে বৰ্তমান ক’ত হেৰাই গ’ল এই গুগল গুৰু ৷ নে পিতৃ-মাতৃৰ সৈতে ভৱিষ্যত গঢ়াৰ কুছ-কাওয়াজত ব্যস্ত এতিয়া ৬বছৰীয়া গুৰু উপাধ্যায় ?