শীতকাল মানেই যেন ঘৰৰ ভিতৰত আৰাম কৰিবলৈ মন গৈ থকা সময় ৷ শীতকালত পানীৰ ওচৰলৈ যাবলৈও মন নাযায়। বহু লোকে শীতকালত গা নুধুৱাকৈয়ে থাকে । কিন্তু এনে বহুলোক আছে যিসকলে শীতকালতো ঠাণ্ডা পানীৰে গা ধোৱাৰ অভ্যাস আছে ৷ শীতকালত গা ধোৱাৰ সময়ত প্ৰথমে আপোনাৰ প্ৰথমে মূৰ তিয়াই লোৱাৰ অভ্যাস আছে নেকি? যদিহে এই অভ্যাস আছে তেন্তে সাৱধান হওক।
শীতকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ঠাণ্ডা পানীত গা ধোৱাৰ পিছত হাৰ্ট এটেক বা হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। চিকিৎসকৰ মতে, ঠাণ্ডা পানী গাত ঢালিলে হঠাৎ শৰীৰত উষ্ণতা কমি অহাৰ ফলত ৰক্তবাহী নলী সংকুচিত হৈ পৰে, যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোক হ’ব পাৰে। বহুসময় ঠাণ্ডা পানীত ডুব মাৰি গা ধুলেও এনে হ’ব পাৰে। বৃদ্ধ আৰু উচ্চ ৰক্তচাপ থকা লোকৰ ক্ষেত্ৰত এই আশংকা বহু বেছি। কিন্তু চিকিৎসকে প্ৰকাশ কৰা অনুসৰি সুস্থ, যুৱকৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে।
হঠাৎ ঠাণ্ডা পানীত নামিলে আমাৰ শৰীৰে কেনে আচৰণ কৰে? জাৰ্নেল অৱ ফিজিঅ’লজিত প্ৰকাশিত এটা প্ৰবন্ধ অনুসৰি হঠাতে অত্যধিক ঠাণ্ডা পানীত মূৰ-গাত ঢলাটো শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইয়াৰ ফলত হঠাতে শ্বাসৰুদ্ধ হোৱা, উশাহ-নিশাহৰ সমস্যা হয়। যাৰ পৰা হাৰ্ট এটেকৰ সম্ভাৱনা থাকে।