যুদ্ধত অনাথ হোৱা শিশুসকলে সন্মুখীন হোৱা কঠোৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতিবছৰে ৬ জানুৱাৰীত সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় এই দিৱস । আনহাতে এই দিৱসৰ যোগেদি এই শিশুসকলৰ জীৱন আৰু জীৱিকাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিবলৈকো আহ্বান জনোৱা হয় সমগ্ৰ বিশ্ববাসীক।
২০২৩বৰ্ষৰ এই উৎসৱৰ মূল বিষয়বস্তু হৈছে “যুদ্ধ-প্ৰভাৱিত শিশুৰ বাবে থিয় দিয়া”৷ আনহাতে এইবছৰ এই উৎসৱ উদযাপনৰ উদ্দেশ্য হৈছে এই শিশুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাসমূহ কেনেকৈ সৰ্বোত্তমভাৱে পূৰণ কৰিব পাৰি সেই সন্দৰ্ভত বিশ্বব্যাপী সচেতনতা বৃদ্ধি কৰা ।
বিশ্বজুৰি যুদ্ধৰ ফলত পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰা এনে লাখ লাখ শিশু আছে যাৰ জীৱন যাপন কষ্টকৰ হৈ পৰে ।বৰ্তমান সময়ত সংঘাত, নিৰ্যাতন, নিৰাপত্তাহীনতা, মানসিক অত্যাচাৰ বা ভাবুকি আদিৰ ফলত জীৱন দুৰ্বিসহ হৈ পৰিছে বিশ্বৰ প্ৰায় ১০.৩ কোটি লোকৰ ।সেয়েহে সমাজৰ ভৱিষ্যত স্বৰূপ এনে বহু শিশুক নিৰাপত্তা দিয়াৰ প্ৰচেষ্টাৰে পালন কৰা হয় এই বিশেষ দিন ৷ যি শিশুৱে যুদ্ধৰ ফলত পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে বা পিতৃ-মাতৃ কোনোবা এজনক হেৰুৱাইছে, প্ৰকৃতাৰ্থত তেওঁকেই যুদ্ধ অনাথ বুলি গণ্য কৰা হয়।ক্ৰমান্বয়ে ২০০১ চনলৈকে বৃদ্ধি পাইছে যোৱা কেইটামান শতিকাত যুদ্ধৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা । জানিব পৰা মতে লেটিন আমেৰিকা আৰু কেৰিবিয়ানত যুদ্ধত মৃত্যু হোৱা লোকৰ সংখ্যা ১ কোটি আৰু পূব ইউৰোপ আৰু মধ্য এছিয়াত ৭৩ লাখ ৷
যুদ্ধৰ দৰে হঠাৎ হিংসাত্মক কোনো পৰিঘটনাত পিতৃ-মাতৃক হেৰুৱাই পেলোৱা শিশুসকল আত্মীয়ৰ সৈতে থাকিবলৈ বাধ্য হয় ৷ সেইবাবে হয়তো তেওঁলোক কেতিয়াবা অপুষ্টি নাইবা আন কোনো ৰোগৰ বাবে দুৰ্বল হৈ পৰে ।অৱশ্যে এই ক্ষেত্ৰত তেওঁলোকে অনুভৱ কৰা আৱেগিক আৰু মানসিক চাপ বুজি পোৱা অসম্ভৱ।
যুদ্ধ আৰু সংঘাতৰ ফলত বিৰূপভাৱে প্ৰভাৱিত শিশুসকলৰ জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ মানসেৰে ফৰাচী সংস্থা এছ অ’এছ এনফেণ্টছ এন ডিট্ৰেছে এই যন্ত্ৰণাদায়ক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যুদ্ধৰ ফলত অনাথ হোৱা শিশুসকলৰ বাবে এই দিৱস স্থাউদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেয়ে প্ৰতি বছৰে ৬ জানুৱাৰীৰ দিনটোত এই অনাথ শিশুসকলে সন্মুখীন হোৱা দুখ-দুৰ্দশাৰ বিষয়ে মানুহক অৱগত কৰিবলৈ সমগ্ৰ বিশ্বতে সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
এই দিৱস যুদ্ধত অনাথ হোৱা শিশুসকলৰ বাবে উৎসৰ্গিত হোৱাৰ বিপৰীতে ই যুদ্ধৰ প্ৰভাৱত পৰা প্ৰতিজন ব্যক্তিৰ বাবেও সজাগতা বৃদ্ধি কৰে। যাৰ ফলত আমি যুদ্ধ যে কিমান ধ্বংসাত্মক হ’ব পাৰে সেই বিষয়েও অধিক জানিব পাৰোঁ।
ইউনিচেফৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বতে প্ৰায় ১৫ কোটি অনাথ শিশু আছে বুলি ভবা হৈছে।ইউনিচেফৰ সংজ্ঞা অনুসৰি বিশ্বজুৰি অনাথ আশ্ৰমত থকা ৮০%তকৈও অধিক শিশুৰ পিতৃ বা মাতৃ কোনোবা এজন জীৱিত থাকে। কিয়নো পৰিয়ালৰ বিপৰীতে অনাথ আশ্ৰমত সন্তানক ডাঙৰ-দীঘল কৰাৰ খৰচ দহগুণ কম।
পৰিয়ালৰ আৱেগ অনুভূতি, মৰম ,সুখ-শান্তি সকলো হেৰুৱাই পেলোৱা এই ল’ৰা-ছোৱালীসমূহক দিব পৰা শ্ৰেষ্ঠ উপহাৰ হ’ল তেওঁলোকৰ ওচৰত উপস্থিত হৈ কিছু গীত-মাত , খেল-ধেমালি বা অন্যান্য কাৰ্য্যকলাপৰ যোগেদি তেওঁলোকৰ জীৱনলৈ কিছু আনন্দ অনা ।আজিৰ দিনটোত আপুনিও যাব পাৰে কোনো এক অনাথ আশ্ৰমলৈ আৰু আপুনিও সেই শিশুসকলক উপহাৰ দিব পাৰে অলপ মৰম ,অলপ নিভাঁজ আন্তৰিকতা ৷