পৃথিৱীত এনে বহু লোক আছে যি নিজৰ কষ্ট আৰু ত্যাগৰ ফলত এসময়ত সমাজৰ উচ্চ শিখৰত উপনীত হয় ৷ আজি আমি আপোনালোকক ক’ম তেনে এজন অভিনেতাৰ বিষয়ে যিয়ে কেৱল বলীউড জগততে নহয় হলিউডতো অভিনয়ৰ যোগেদি নিজৰ এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হয় । পদ্মশ্ৰী বঁটা বিজয়ী প্ৰখ্যাত অভিনেতা ওম পুৰী বলীউড জগতৰ এক উজ্জ্বল জ্যোতিষ্ক যি দশক দশক ধৰি চলচিত্ৰ প্ৰেমী সকলৰ হৃদয়ত থাকিব আৰু যাৰ অভিনয় নৱপ্ৰজন্মৰ অভিনেতা সকলৰ বাবে এক সদায় আদৰ্শ হৈ ৰ’ব।
হাৰিয়ানাৰ আম্বালা চহৰত জন্মগ্ৰহণ কৰা বিখ্যাত অভিনেতা ওম পুৰীৰ শৈশৱ অতি দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছিল। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে মাত্ৰ ছয় বছৰ বয়সতে তেওঁ চাহৰ দোকানত বাচন-বৰ্তন পৰিষ্কাৰ কৰাৰ উপৰিও কিছুদিন তেওঁ এখন ধাবাতো বাচন ধোৱা কাম কৰিছিল। কিন্তু এই সকলোবোৰৰ মাজতো অভিনয়ৰ প্ৰতি তেওঁৰ হেঁপাহ আছিল। এই ইচ্ছাই তেওঁক নেচনেল স্কুল অৱ ড্ৰামা দিল্লী আৰু ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া, পুনেলৈ লৈ যায়, য’ৰ পৰা তেওঁৰ সপোনবোৰে নতুন উৰণ লাভ কৰে।
অভিনয় শিকি আৰু বহু সংগ্ৰাম কৰি ওমপুৰীয়ে অৱশেষত ১৯৭৬ চনত ‘ঘাচিৰাম কোটৱাল’ নামৰ এখন মাৰাঠী ছবিৰ অভিনয়ৰ যোগেদি ডাঙৰ পৰ্দাত ভূমুকি মৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত ১৯৮২ চনত শ্যাম বেনেগালৰ ‘আৰোহন’ ছবি আৰু ১৯৮৩ চনত গোবিন্দ নিহালানীৰ ‘অৰ্ধসত্য’ ছবিয়ে তেওঁৰ জীৱনৰ গতি সলনি কৰিছিল ৷ এই দুয়োখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ লাভ কৰিছিল। এই অভিনেতাজনে শক্তিশালী অভিনয়ৰ যোগেদি নিজকে অভিনয় জগতত এনেদৰে প্ৰতিষ্ঠা কৰিছিল যে কেৱল বলীউডেই নহয় হলিউডতো তেওঁৰ অভিনয়ে সমাদৰ লাভ কৰিছিল। ভাৰতীয় ভাষাৰ বহু ছবিৰ লগতে হলিউডৰ ২০খনতকৈও অধিক ছবিত কাম কৰা অভিনেতা গৰাকীয়ে বিখ্যাত চলচ্চিত্ৰ পৰিচালক ৰিচাৰ্ড এটেনব’ৰ’ৰ ‘গান্ধী’ ছবিতো সৰু চৰিত্ৰত অভিনয় কৰিছিল।
১৯৯১ চনত চলচ্চিত্ৰ অভিনেতা অনু কাপুৰৰ ভগ্নী সীমা কাপুৰৰ সৈতে প্ৰথমবাৰ বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৯৯৩ চনত সাংবাদিক নন্দিতা পুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় জনপ্ৰিয় অভিনেতা গৰাকী । অৱশ্যে জানিব পৰা মতে বৈবাহিক জীৱন সুখৰ নাছিল তেওঁৰ ৷