আজি প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ গুণাৰাম খনিকৰৰ স্মৃতি দিৱস । গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱা গুণাৰাম খনিকৰে সৰুৰে পৰাই বনৌষধিৰ চৰ্চা কৰিলেও ১৯৭০ চনৰ পৰা তেওঁ এই কামত একাণপটীয়াকৈ লাগে । তেওঁ বনৌষধিৰ চিনাক্তকৰণ, সংৰক্ষণ, গৱেষণা আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়ায় । ১৯৯২ চনত তেওঁ গোলাঘাটৰ তেতেলিতলত ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰে । বনৌষধি বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ লিখি থৈ গৈছে । সহজলভ্য বনদৰৱৰ গুণ, ৰোগৰ পথ্য আৰু অপথ্য আদি তেওঁৰ জনপ্ৰিয় গ্ৰন্থ । বিভিন্ন সংস্থাই তেওঁক ভেষজ ৰত্ন, মানৱ মিত্ৰ, বনৌষধিৰ আচাৰ্য আদি উপাধি প্ৰদান কৰে । ২০০১ চনত আহমেদাবাদৰ নেচনেল ইন’ভেচন ফাউণ্ডেচনে তেওঁক ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰে । ২০১৬ চনৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । বনৌষধি বিশেষজ্ঞগৰাকীলৈ আমাৰ প্ৰণাম ।