বিদ্যালয়ৰ ভিতৰতে শিক্ষকক এজন ছা্ত্ৰই গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমেৰিকাত ৷ শিক্ষকজনক গুলীয়াই হত্যা কৰে এজন ছবছৰীয়া ছাত্ৰই! শুকুৰবাৰে আমেৰিকাৰ পূব প্ৰদেশৰ ভাৰ্জিনিয়াত সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাত আন এজন ৩০ বছৰীয়া স্কুল শিক্ষক গুৰুতৰভাৱে আহত হয়।
আৰক্ষী সূত্ৰৰ মতে, প্ৰাদেশিক ৰাজধানী ৰিচমণ্ডৰ ওচৰৰ ৰিচনেক প্ৰাথমিক বিদ্যালয়ত এই ঘতনা সংঘতিত হৈছে ৷ অভিযুক্ত ছাত্ৰজনক আটক কৰি ৰখা হৈছে। ভাৰ্জিনিয়াৰ ৰাজ্যৰ আৰক্ষী বিষয়া ষ্টিভ ড্ৰুৱে শনিবাৰে কয় যে এইটো কোনো দুৰ্ঘটনা নাছিল। অভিযুক্ত ছাত্ৰজনে শিক্ষকজনক লক্ষয় কৰি গুলীচালনা কৰে।
ৰিচনেক প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই দাবী কৰা মতে, ছাত্ৰজনৰ আচৰণত পূৰ্বে কোনো অস্বাভাৱিকতা লক্ষ্য কৰা নাছিল। বিদ্যালয়খনৰ অধ্যক্ষ জৰ্জ পাৰ্কাৰে কয় যে তেওঁলোক সকলো স্তম্ভিত হৈ পৰিছে । স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে আগ্নেয়াস্ত্ৰ যাতে লাভ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ৷
২০২১ চনত আমেৰিকাত আগ্নেয়াস্ত্ৰৰ ফলত মুঠ ৪৪ হাজাৰ লোকৰ মৃত্যু হৈছিল। ইয়াৰে বেছিভাগেই হত্যাকাণ্ড। ইয়াৰ বাহিৰেও দুৰ্ঘটনা আৰু আত্মহত্যাৰ ঘটনাও ঘটে। যোৱা মে’ মাহত টেক্সাছৰ এখন বিদ্যালয়ত এজন বন্দুকধাৰীৰ আক্ৰমণ চলাই ১৯ জন ছাত্ৰ আৰু ২ জন শিক্ষকৰ মৃত্যু হৈছিল। কেইবাখনো প্ৰদেশে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আগ্নেয়াস্ত্ৰ আইন কঠোৰ কৰিছে ৷