তালিবানে আফগানিস্তান দখল কৰাৰ পিছতেই ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই। যদিও তালিবানৰ ভয়ত দেশ এৰি পলায়ন কৰা ৰাষ্ট্ৰপতি জনৰ কন্যাক দেখা গৈছে নিউয়ৰ্কত।
ৰাষ্ট্ৰপতিজনৰ কন্যা মাৰিয়াম ঘানিক এতিয়া দেখা গৈছে নিউয়ৰ্ক চহৰৰ পদপথত।পেচাত এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু দৃশ্য শিল্পী মাৰিয়ামে এজন বন্ধুৰ সৈতে পদপথত খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছিল বুলি খবৰ ওলাইছিল।
আনহাতে নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ক্লিণ্টন হিলৰ এটা বিলাসী ভৱনত বাস কৰা মাৰিয়ামে হাতত এখন মাস্ক লৈ নিউয়ৰ্ক চহৰৰ পদপথত খোজ কাঢ়ি গৈ আছিল।
দ্যা টাইমছত প্ৰকাশ পোৱা এক বাতৰি মৰ্মে আফগানিস্তানত থকা আত্মীয়,পৰিয়াল, বন্ধু আৰু সহকৰ্মীসকলক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে মাৰিয়াম।
তালিবানে ৰাজধানী কাবুল দখল কৰাৰ পিছতেই যোৱা ১৫ আগষ্টত আফগান ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানি দেশ এৰি পলায়ন কৰিছিল।আৰু ৰাষ্ট্ৰপতিজন তাজাকিস্তানত থকা বুলি বাতৰি প্ৰকাশ পাইছিল।
যদিও শেহতীয়া তথ্য অনুসৰি ঘানি সংযুক্ত আৰৱ এমিৰেটছত বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে। ইউ এ ই ৰ চৰকাৰী ডব্লিউ এ এম সংবাদ সংস্থাই ঘানিৰ উপস্থিতি নিশ্চিত কৰিছে যদিও দেশখনৰ ক’ত আছে সেইয়া প্ৰকাশ কৰা নাই।
তেনেক্ষেত্ৰত ৰাষ্ট্ৰপতিজনৰ কন্যা নিউয়ৰ্কত থকাটো প্ৰায় নিশ্চিত যদিও ঘানিৰ উপস্থিতি সম্পৰ্কে এতিয়াও সঠিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই।