অসম গ্ৰন্থমেলাৰ জোনাকী প্ৰেক্ষাগৃহত আজি সৰস্বতী ডি এন প্ৰকাশন প্ৰকাশিত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। জোনাকী প্ৰেক্ষাগৃহত আজি উন্মোচন কৰা হয় লেখক,আলোকচিত্ৰ শিল্পী ডাঃ ভূপেন ডেকাৰ তিনিখন গ্ৰন্থ ‘Light and shade’,’অসম আৰু উত্তৰ পূৰ্বাঞ্চলত মহাভাৰতৰ প্ৰসংগ’ ‘আমাৰ সাহিত্য-সংস্কৃতিত চৰাই চিৰিকটিৰ কথা ‘,যোগবিদ কুলজিৎ বৰুৱাৰ Yoga philosophy of India & the East, লেখিকা আৰতি বৰা বৰুৱাৰ ‘জলবায়ু সংকট’ ,কবি- সাংবাদিক ৰাজকমল চাংকাকতিৰ কাব্য সংকলন ‘শব্দ – উশাহ ‘, লেখিকা জাহ্নৱী দাসৰ গৱেষণা গ্ৰন্থ ‘Syncretic religious system among the Tiwas ‘ আৰু কাব্য সংকলন ‘ শাৰদীক বিচাৰি’,কণমানি লেখিকা মেঘনা লহকৰৰ আপদীয়া পদ্যৰ পুথি ‘লিমাৰিক’।
গ্ৰন্থকেইখন উন্মোচন কৰে বিশিষ্ট লেখক মুকুট লোচন কলিতা, বিশিষ্ট লেখক – সাংবাদিক তপন কলিতা, যোগবিদ হৰিপ্ৰসাদ তালুকদাৰে। মুকুট লোচন কলিতা,তপন কলিতা আৰু হৰিপ্ৰসাদ কলিতাই গ্ৰন্থকেইখনৰ চমু আলোচনা আগবঢ়াই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে সাংস্কৃতিক কৰ্মী হুমায়ুন চৌধুৰীয়ে।