বৰ্ষীয়ান ৰাজনীতিবিদ,শিক্ষাবিদ,বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ “ৰঙা ৰ’দৰ পম খেদি” শীৰ্ষক গ্ৰন্থখনি ৰবিবাৰে উন্মোচন কৰা হয় ৷ এই উপলক্ষে নগাঁও জিলা সাহিত্য সভা ভৱনত আয়োজিত বিশিষ্ট শিক্ষাবিদ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি দীপ্তি কুমাৰ বৰুৱাই । গ্ৰন্থখন উন্মোচন কৰি দীপ্তি কুমাৰ বৰুৱাই গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।
বাণেশ্বৰ শইকীয়াই দীৰ্ঘদিন ধৰি কমিউনিষ্ট আন্দোলনৰ গুৰি ধৰি অহাৰ কথা উল্লেখ কৰাৰ লগতে শইকীয়াৰ এই গ্ৰন্থখনত বিভিন্ন ঘটনা প্ৰৱাহৰ উন্মেষ ঘটিছে বুলি মন্তব্য কৰে দীপ্তি কুমাৰ বৰুৱাই ৷ সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ তথা সাহিত্যিক ড° ৰাজেন শইকীয়াই কয় যে বাণেশ্বৰ শইকীয়াৰ গ্ৰন্থই সকলোকে উপকৃত কৰিব ৷ সমাজৰ পৰিবৰ্তনৰ বাবে বিপ্লৱৰ প্ৰয়োজন ৷ জাতীয়তাবাদৰ বহু ৰূপ আছে ৷ ক্ৰমশঃ আঞ্চলিক শক্তিয়ে গা কৰি উঠিছে ৷ এনে প্ৰেক্ষাপটত বাওঁপন্থীসকলে আত্ম বিশ্লেষণ কৰা প্ৰয়োজন ৷ মুক্তিতকৈ ডাঙৰ প্ৰশ্ন একো নাই ৷ মুক্তিৰ বাৱে বিপ্লৱ কৰিব লাগিব ৷ বিজেপি চৰকাৰে দৰিদ্ৰ মানুহক চুই যাব পৰাকৈ গ্ৰহণ কৰা আঁচনি সমূহৰ কথা বাওঁপন্থী সকলে দীৰ্ঘদিন কৈ আহিছে। বাওঁপন্থীসকলে এইকথা ৰাইজৰ মাজলৈ লৈ যাব পৰা নাই ৷
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক মুনিন মহন্তই সাম্প্ৰতিক পৰিস্থিতিৰ কথা বাখ্যা দাঙি ধৰি কয় যে সাম্প্ৰতিক সময়ত বাওঁপন্থীৰ অগ্ৰগতিত ভেটা পৰিছে ৷ বাওঁপন্থী আন্দোলনৰ গতিত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ জাতি ৰক্ষা কৰাটোৱেই এতিয়া ডাঙৰ সমস্যা হৈছে ৷ সভাত শিক্ষাবিদ আব্দুল চালাম,জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা,চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ইন্দ্ৰজিৎ বেজবৰুৱা,অৱসৰপ্ৰাপ্ত অধ্যাপক অমৰেন্দ্ৰ শৰ্মা,সমাজকৰ্মী মুকুট ভূঞাঁ,অৰূপ মহন্ত,মৃদু পৱন বৰা, মোলান লস্কৰ,সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ গায়ন,খগেন শইকীয়া, দুলাল বৰা,গোলাপ বৰা,পৰী বৰুৱা,গুণ কাকতি,দেৱেন শইকীয়া,দময়ন্তী দাস,বীৰেণ ডেকাকে আদি কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । ৰাতুল বৰাই আঁত ধৰা আৰু নিজৰা শইকীয়াৰ বৰগীতৰে আৰম্ভ হোৱা সভাত গ্ৰন্থখনৰ লিখক বাণেশ্বৰ শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰে ।