ৰাতিপুৱাঁৰ জলপানেই হ’ল গোটেই দিনটোৰ গুৰুত্বপূৰ্ণ আহাৰ। অসমীয়াত “ৰাতিপুৱাঁৰ ভাত মুঠি দিনটোৰ খুটি ” বুলি ফঁকৰা এফাকিও শুনিবলৈ পোৱা যায়। মুঠতে ৰাতিপুৱাঁৰ জলপান স্বাস্থ্য সন্মত হোৱা উচিত। যিমানেই ব্যস্ততাত নথাকক কিয় ৰাতিপুৱাঁৰ জলপান গ্ৰহণ নকৰাকৈ ওলাই যাবলৈ বাধা দিয়ে চিকিৎসক তথা পুষ্টিবিদ সকলে। ৰাতিপুৱাঁ জলপান খোৱা যেনেকৈ জৰুৰী ঠিক তেনেকৈ জৰুৰী কি খাদ্য গ্ৰহণ কৰিছে। কিছুমান খাদ্য ৰাতিপুৱাঁৰ জলপানত ৰখা উচিত নহয়। জাঁনো আহকচোন সেই খাদ্যবোৰৰ বিষয়ে—-
১) টেঙা জাতীয় ফল :-
ৰাতি পুৱাঁৰ জলপানত ফল খোৱা বহুতৰে অভ্যাস আছে । টেঙা জাতীয় ফল খালে অম্ল হোৱাৰ আশংকা থাকে। সেইবাবে ৰাতিপুৱাৰ আহাৰত আপেল , সুমথিৰা , আঙুৰ আদি খোৱা উচিত নহয়।
২) ভজা বস্তু :- ৰাতিপুৱাঁৰ জলপানত আলুৰ দম আৰু ফুলা লুচি বহুতৰে প্ৰিয় বিশেষকৈ ঠাণ্ডা দিনত। খাবলৈ ভাল লাগিলেও ৰাতি পুৱাঁই ভজা লুচি স্বাস্থ্যৰ বাবে উচিত নহয়। মাহত এদিন-দুদিন খোৱাটো বেলেগ কথা কিন্তু নিয়মিত ভাবে লুচি বা পুৰি খোৱাটো ক্ষতিকাৰক। অকল লুচিয়ে নহয় ৰাতিপুৱাঁৰ আহাৰত তেলত ভাজা কোনো খাদ্যই খোৱা উচিত নহয়।
৩) কল :-
কল নিঃসন্দেহে পুষ্টিকৰ খাদ্য আৰু বহুতোৰে ৰাতিপুৱাঁৰ আহাৰত কল খোৱাৰ অভ্যাস আছে। কল যদিও স্বাস্থ্য সন্মত খাদ্য কিন্তু পুষ্টিবিদ সকলৰ মতে , ৰাতিপুৱাঁ কল খোৱা উচিত নহয়। কিয়নো কলত শৰ্কৰাৰ পৰিমাণ বহুত বেছি থকাৰ বাবে ৰাতিপুৱাঁই শৰ্কৰাযুক্ত খাদ্য গ্ৰহণ কৰিলে ডায়বেটিছ হোৱাৰ আশংকা থাকে। মেগনেছিয়াম আৰু পটাছিয়াম যুক্ত এই খাদ্য ৰাতিপুৱাই খালে শৰীৰত তেজৰ ভাৰসাম্যতাত প্ৰভাৱ পেলাব পাৰে। তাৰ ফলত উচ্চ ৰক্তচাপ হোৱাৰো সম্ভাৱনা থাকে।
৪) ছেন্দুইচ :-
ছেন্দুইচ সৰুৰ পৰা ডাঙৰ সকলোৰে প্ৰিয় খাদ্য। মাখন আৰু চৰ্বি থকা বাবে এই খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ ওজন বৃদ্ধি হৈ থাকে। গতিকে ৰাতি পুৱাঁৰ আহাৰত ছেন্দুইচ খোৱা উচিত নহয়।