ৰাজকুমাৰী ডায়েনাই বিশেষ অনুষ্ঠানত পৰিধান কৰা বেঙুনীয়া ৰঙৰ গাউন নিলাম কৰা হ’ব ৷ চলিত মাহৰ ২৭ জানুৱাৰীত নিউয়ৰ্কৰ ছ’থেবিজত অনুষ্ঠিত হ’ব এই নিলাম। ৰাজকুমাৰী গৰাকীৰ মৃত্যুৰ ২৫ বছৰৰ পাছত অনুষ্ঠিত হ’ব এই নিলাম ৷
প্ৰিন্সেছ অৱ ৱেলছৰ নিলাম কৰিবলগীয়া গাউনটো বেঙুনীয়া ৰঙৰ ৰেচম আৰু মখমলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হৈছে। এই ষ্ট্ৰেপলেছ গাউনটো ডায়েনাই পৰিধান কৰা বিখ্যাত পোছাক ৷ কিন্তু এই সাজ-পোছাকৰ ঐতিহাসিক তাৎপৰ্যও কম নহয়। ডায়েনাই প্ৰথমবাৰৰ বাবে ১৯৯১ চনত এই গাউন পৰিধান কৰিছিল ৷ তেওঁৰ ৰাজকীয় প্ৰতিচ্ছবি অংকনৰ সময়ত গাউনটো পৰিধান কৰিছিল ৷ তদুপৰি ১৯৯৭ চনত ডায়েনাৰ মৃত্যুৰ কেইদিনমান আগতে এখন বিখ্যাত মাহেকীয়া আলোচনী ভেনিটি ফেয়াৰে বেঙুনীয়া ৰঙৰ গাউন পিন্ধা ছবি এখন প্ৰকাশ কৰিছিল।
ৰাজকুমাৰী ডায়েনাৰ মৃত্যুৰ ২৫ বছৰ পাৰ হোৱাৰ পাছতো চর্চা লাভ কৰি আহিছে এইগৰাকী ৰাজকুমাৰীয়ে ৷ ডায়েনাৰ সাজ-পোছাকক লৈ বিশেষ চর্চা চলি আিছে ৷ ফেশ্বন জগতখনেও তেওঁ পিন্ধা কাপোৰৰ ষ্টাইল অনুসৰণ কৰে। তেওঁৰ বিখ্যাত ‘ৰিভেঞ্জ ড্ৰেছ’ৰ পৰা আৰম্ভ কৰি ৰেড কাৰ্পেটত পৰিধান কৰা পোচাকলৈকে চর্চিত হৈ আিছে ৷ কায়িকভাৱে নাথাকিলেও বিশ্বৰ বাবে ৰাজকুমাৰী ডায়েনা আজিও ফেশ্বন আইকন ৷
চলিত মাহৰ শেষৰ ফালে নিলাম হ’বলগীয়া এই গাউনৰ মূল্য ৮০ হাজাৰৰ পৰা ১ লাখ ২০ হাজাৰ ডলাৰৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে। ভাৰতীয় টকাত ইয়াৰ মূল্য প্ৰায় ৬৫ লাখ টকাৰ পৰা ৮২ লাখ টকালৈকে। ইয়াৰ পূৰ্বে ডায়েনাৰ প্ৰায় ৮০ টা পোছাক নিলাম কৰি কোটি কোটি টকা সংগ্ৰহ কৰা হৈছিল। এই ধন এইডছ ক্ৰাইছিছ ট্ৰাষ্ট আৰু ৰয়েল মাৰ্ছডেন হাস্পতাল পুঁজিলৈ দিয়া হয়। এইবাৰো ডায়েনাৰ বেঙুনীয়া ৰঙৰ গাউনে কেইকোটি কোটি টকা উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে।