আজি ‘মঞ্চসূৰ্য’ ধৰণী বৰ্মণৰ ওপজা দিন । ১৯২৬ চনৰ আজিৰ দিনটোতে এই অভিনেতা, নাট পৰিচালক তথা প্ৰযোজকগৰাকীৰ জন্ম হৈছিল নলবাৰী জিলাৰ চামতাত । ১৯৫৩ চনত তেওঁৰ নেতৃত্বত জন্ম লাভ কৰা ধৰ্মপুৰ শিল্পী সংঘই নিবেদন কৰা পিয়লি ফুকন নাটকৰ নাম ভূমিকাত তেওঁ অভিনয় কৰে । এইখনেই আছিল নলবাৰী অঞ্চলৰ টিকট কাটি চাবলগীয়া প্ৰথমখন নাটক । ১৯৬০ চনত তেওঁ সদা লহকৰৰ নটৰাজ অপেৰাত অভিনেতা হিচাপে যোগদান কৰে । ১৯৬৩ চনত অচ্যুত লহকৰ প্ৰযোজিত অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্যদল ‘নটৰাজ থিয়েটাৰ’ত যোগদান কৰি আলী হায়দৰ, জেৰেঙাৰ সতী আৰু ভোগজৰা নাটকৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰে । ১৯৬৪ চনত তেওঁ নিজ মাতৃৰ স্মৃতিত সুৰদেৱী নাট্যসংঘ নামেৰে এটা নাট্য দলৰ জন্ম দি ১৯৬৩ চনত সুৰদেৱী থিয়েটাৰ নাম দি পূৰ্ণাংগ ৰূপ দিয়ে । ১৯৯৬ চনত তেওঁ অসম নাট্য সন্মিলনৰ উপ-সভাপতি হয় । ২০০৪ চনত নেচনেল কালচাৰেল য়ুথ ফেষ্টিভেল, কলকাতা আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা ফল্গু উৎসৱত তেওঁক মঞ্চসূৰ্য উপাধি প্ৰদান কৰা হয় । সংগীত নাটক একাডেমী বঁটা (২০০৬) লাভ কৰা তেৱেঁই আছিল ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ প্ৰথমগৰাকী ব্যক্তি । বৰেণ্য শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।