“সমাজ উদ্বেলক আৰু মানৱীয় প্ৰমূল্যবোধ সম্পন্ন সাহিত্যহে আজি প্ৰয়োজন আহি পৰিছে “৷ ৮জানুৱাৰী,দেওবাৰে দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহুৱা সভাগৃহ প্ৰাংগণত অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান ” পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত আয়োজিত সভাত প্ৰতিশ্ৰুতিবান কবি নুৰ নাহাৰ জিয়াৰ কাব্যগ্ৰন্থ “ফৰেনছিকত এডাল কামিহাড়” উন্মোচন কৰি পদ্মশ্ৰী প্ৰাপক বিশিষ্ট কবি, সাহিত্যিক, চিন্তাবিদ ড০ ৰোমান শৰ্মাই এনেদৰে কয় ।
প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত ড০ শৰ্মাই আৰু কয় যে সুখপাঠ্য সাহিত্যই সমাজক প্ৰভাৱিত কৰাৰ লগতে সাহিত্য-সংস্কৃতিৰ স্বকীয়তাক অক্ষুণ্ণ ৰাখি সাহিত্য সাধনাত ৰত হোৱাৰ বাবে ৰাইজক আহ্বান জনায় ৷ আদিতে সভা উদ্ধোধন কৰি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট গীতিকাৰ, সাহিত্যিক শচীন দাসে কয় যে কবিতা প্ৰচুৰ পৰিমাণে অধ্যয়ন কৰিব লাগিব । আমাৰ সমাজত আবাহন,জোনাকী যুগৰ সভ্যতা-সংস্কৃতিৰ অধিক চৰ্চাৰ প্ৰয়োজন । কবিসকল দ্ৰষ্টা গতিকে কবিতাত কম্পন থাকিবই লাগিব ।
সভাৰ মুখ্য অতিথি মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈয়ে কয় যে নুৰ নাহাৰ জিয়া সম্ভাবনাপূৰ্ণ কবি । লোক সাহিত্য, লোক কবি সন্দৰ্ভতো আলোকপাত কৰি ভট্টদেৱ, মাধৱ কন্দলি আদিৰ বিষয়ে উল্লেখ কৰি সমাজ গঢ়াৰ উৎকৃষ্ট মাধ্যম কবিতা-গীত বুলি দোহাৰে তেওঁ । সভাত বিশিষ্ট অতিথি হিচাপে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা সাহিত্যিক পেন্সনাৰ দিলস লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ:/সম্পাদক “সাহিত্য কোঁৱৰ” কমল কলিতা আৰু অসম বাণীৰ সাংবাদিক, লেখক পংকজ কলিতাই সাৱলীল বক্তব্য দাঙি ধৰি কাব্য সাধনা, সাহিত্য সাধনাৰ ওপৰত মধুৰ ভাষাৰে আলোকপাত কৰে । সভাত দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, মাজোৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খবিৰউদ্দিন আহমেদ, গৰৈমাৰী সাহিত্য সভাৰ সভাপতি ৰফিক চৌধুৰী, সোণতলী সাহিত্য সভাৰ সভাপতি চামচুল আলম ভূয়া, অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কালাম, হাচেন আলী আহমেদে সন্মানিত অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে সভাৰ প্ৰাককথনতে আদৰণি ভাষণ দিয়ে ড০ আব্দুল ওৱাহাব আনছাৰে ।