ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ভৱনকে ধৰি গুৰুত্বপূৰ্ণ প্ৰশাসনিক ভৱনসমূহত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ সমৰ্থকসকলে আক্ৰমণ চলায়। দেওবাৰে তেওঁলোকে একত্ৰিত হৈ ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ কৰে। ব্ৰাজিলৰ কংগ্ৰেছ আৰু উচ্চতম ন্যায়ালয়কো ঘেৰাও কৰে ৷
যোৱা বছৰ ব্ৰাজিলত কঠোৰ সোঁপন্থী বলছ’নাৰোক পৰাস্ত কৰি বাওঁপন্থী লুইজ ইনাচিঅ’ লুলা দা ছিলভাই ক্ষমতালৈ আহিছিল। দেশৰ সাংগঠনিক গাঁথনিৰ ওপৰত এই আক্ৰমণৰ বাবে তেওঁ পূৰ্বৰ ৰাষ্ট্ৰপতিক দোষাৰোপ কৰে। ৰাজধানী ব্ৰাজিলিয়াৰ নিৰাপত্তাৰ প্ৰতিও লুলাই অসন্তুষ্টি প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয় আৰু কংগ্ৰেছৰ ওপৰত আক্ৰমণৰ আঁৰত থকাসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি ছিলভাই সকীয়াই দিয়ে।
দেওবাৰে যেতিয়া ব্ৰাজিলিয়াত আক্ৰমণ সংঘটিত হৈছিল তেতিয়া ৰাষ্ট্ৰপতি লুলা ভৱনটোত নাছিল। ৰাজধানীৰ পৰা আঁতৰত কামৰবাবে তেওঁ ছাও পাউলোলৈ গৈছিল।ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত দেখা গৈছে যে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হালধীয়া আৰু সেউজীয়া ৰঙৰ ব্ৰাজিলৰ পতাকা লৈ ৰাষ্ট্ৰপতি ভৱনৰ ফালে সমদল উলিয়াই। নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙি অট্টালিকাটোত প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰে । ৰাষ্ট্ৰপতি ভৱনৰ চাদত উঠি তেওঁলোকে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
প্ৰাক্তন ৰাষ্ট্ৰপতি বলছ’নাৰোৱে এতিয়াও পৰাজয় স্বীকাৰ কৰা নাই। বৰঞ্চ তেওঁ গণতান্ত্ৰিকভাৱে অনুষ্ঠিত নিৰ্বাচনত পৰাজয়ক ভোট গণনাৰ ৰিগিং বুলি বৰ্ণনা কৰিছিল। অক্টোবৰ মাহত পৰাজয়ৰ পিছতে বলছ’নাৰোৱে দেশ এৰি থৈ যায়। বৰ্তমান তেওঁ ফ্ল’ৰিডাত বাস কৰে ৷ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ভোটদানৰ পিছৰে পৰা সমগ্ৰ দেশতে বলছ’নাৰোৰ সমৰ্থক আৰু অনুগামীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেওবাৰে এই বিক্ষোভে চৰম ৰূপ ধাৰণ কৰে ৷