আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ গেছৰ ষ্ট’ভ বা চৌকা ৷ কিয়নো ইয়াৰ অবিহনে ৰন্ধা-বঢ়া কৰাটো ৱেই যে কঠিন। পাকঘৰত ইয়াৰ ব্যৱহাৰক কেতিয়াও নুই কৰিব নোৱাৰি । এই ষ্ট’ভৰ ওপৰতে আমাৰ সকলো ধৰণৰ খাদ্য ৰন্ধা হয় ৷ অৱশ্যে বিশেষকৈ গাখীৰ আৰু তেল পৰি আমাৰ গেছ বাৰ্ণাৰৰ ভেণ্ট বন্ধ হৈ পৰে।যাৰ বাবে জুইৰ শিখা সম্পূৰ্ণৰূপে ওলাব নোৱাৰে আৰু আমাৰ ৰন্ধা-বঢ়াত পলম হোৱাৰ লগতে গেছৰো অপচয় হয়।
আহকছোন জানোঁ গেছ বাৰ্ণাৰ পৰিষ্কাৰ কৰাৰ কেইটামান কৌশল –
গেছ বাৰ্ণাৰটোৰ ছিদ্ৰ সমূহ বন্ধ হ’লে ইয়াক চাফা কৰাৰ কথা ভাবিলেই ভাগৰ লাগে কাৰণ ইয়াৰ সৰু সৰু ছিদ্ৰবোৰ চাফা কৰাটো এক অতি কঠিন কাম৷ অৱশ্যে কিছুমান সহজ ঘৰুৱা উপায়েৰে বাৰ্ণাৰটো সহজেই পৰিষ্কাৰ কৰিব পাৰি।
ইয়াৰ বাবে আমাক প্ৰয়োজন ‘বগা ভিনেগাৰ’-লেতেৰা বাৰ্ণাৰবোৰ বগা ভিনেগাৰেৰে সহজেই পৰিষ্কাৰ কৰিব পাৰি ৷ ইয়াৰ বাবে প্ৰায় একাপ ভিনেগাৰ লৈ এটা বাটিত ঢালি দি এচামুচ বেকিং চোডা দিব লাগে আৰু গেছ বাৰ্ণাৰটো ৰাতিটো তিয়াই ৰাখিব লাগে । ইয়াৰ ফলত তেলজাতীয় লেতেৰা বোৰ কোমল হৈ পৰিব যাক ৰাতিপুৱা এটাত ব্যৱহাৰ নোহোৱা টুথব্ৰাছেৰে সহজে চাফা কৰি পেলাব পাৰি।
আনহাতে খোৱা চৌদাৰ দ্বাৰাও পৰিষ্কাৰ কৰিব পাৰি বাৰ্ণাৰ৷ বেকিং পাউদাৰ ব্যৱহাৰ কৰি গেছ বাৰ্ণাৰটো নতুনৰ দৰে জিলিকাই তুলিব পাৰে। কিয়নো বেকিং পাউদাৰেৰে বাৰ্ণাৰ পৰিষ্কাৰ কৰাটো অতি সহজ । ইয়াৰ বাবে সৰু পাত্ৰ এটাত কুহুমীয়া পানী লৈ তাত নেমু এটা চেপি লওক৷ তাৰ পিছত এচামুচ বা দুচামুচ বেকিং পাউদাৰ আৰু অলপ লিকুইড ডিটাৰজেন্ট মিহলাই দিব। এতিয়া গেছ বাৰ্ণাৰটো এই পানীত ২০ মিনিটমান ডুবাই ৰাখি তাৰ পিছত টুথব্ৰাছৰ সহায়ত পৰিষ্কাৰ কৰক দেখিব ই পুনৰ নতুন হৈ উঠিছে ।
নেমু আৰু নিমখেৰেও গেছ বাৰ্ণাৰ পৰিষ্কাৰ কৰিব পাৰি। প্ৰথমে নেমু এটা আধা কাটি পানীত উতলাই লওক। এতিয়া বাৰ্ণাৰটো সেই পানীত কেইবা ঘণ্টা ধৰি ডুবাই ৰাখক। পৰৱৰ্তী সময়ত একেটা নেমুৰ বাকলিত নিমখ লগাই গেছ বাৰ্ণাৰটো পৰিষ্কাৰ কৰক। এই পদ্ধতিও অতি ফলপ্ৰসূ ।