সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰম’ গৃহহীন, অৱহেলিত, আশ্ৰয়হীন লোকসকলৰ বাবে এক আশাৰ নাম। জীৱনৰ শেষ বয়সত মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈ লাঞ্ছনা-গঞ্জনা সহ্য কৰা বৃদ্ধসকলে সন্মানসহকাৰে এক নিৰাপদ আশ্ৰয় লাভ কৰিব এই বৃদ্ধাশ্ৰমত।
শুকুৰবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কাষৰ সোণাপুৰৰ ডিগাৰু গেটত এই বৃদ্ধাৱাসৰ শুভ উদ্বোধন কৰে।
সমাজ কল্যাণ বিভাগৰ দ্বাৰা তিনি কোটি পাঁচ লাখ টকাৰে নিৰ্মিত অত্যাধুনিক সুবিধাৰ বৃদ্ধাৱাসখনৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ জ্যেষ্ঠ নাগৰিকৰ বাবে ১৪৫৬৭ নম্বৰৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰো মুকলি কৰে।
উল্লেখ্য যে চাৰি বিঘা ভূমিত স্থাপন কৰা এই বৃদ্ধাশ্রমখনত প্রথম পর্যায়ত ৬০গৰাকীকৈ নিৰাশ্রয় বৃদ্ধ-বৃদ্ধাক ৰাখিব পৰাকৈ কোঠা সাজু কৰা হৈছে৷ ইয়াৰ প্রতিটো কোঠা অসমৰ স্বনামধন্য ব্যক্তিৰ নামেৰে নামকৰণ কৰা হৈছে।
এই বৃদ্ধাশ্রমখনৰ লগতে আছে এটা সুবৃহৎ ভোজনকক্ষ। চৰকাৰী বৃদ্ধাশ্রমখন পৰিচালনাৰ বাবে ৰাজ্যৰ সমাজ কল্যাণ বিভাগে মনালিছা ছ’চাইটীৰ অন্তর্গত মাডাৰ অ’ল্ড এজ হোম কর্তৃপক্ষক দায়িত্ব অর্পণ কৰিছে। ইয়াত থকা লোকসকলৰ সম্পূৰ্ণ খৰছ চৰকাৰে বহন কৰিব৷
উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগে ভাষণ প্রসংগত ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে বকোত প্রায় ৬৫ বিঘা ভূমিত এশ কোটি টকাৰে শিশু তথা বৃদ্ধ–বৃদ্ধা সু–সংগঠিতভাৱে ৰাখিব পৰাকৈ এক আঁচনি গ্রহণ কৰাৰ কথা উল্লেখ কৰে।