বাংলাদেশৰ বাবে পাৰমাণৱিক সামগ্ৰী কঢ়িয়াই অনা ৰাছিয়াৰ এখন জাহাজ আমেৰিকাৰ নিষেধাজ্ঞাৰ পিছতো হালদিয়া বন্দৰত ৰ’বলৈ অনুমতি দিলে ভাৰতে। প্ৰাপ্ত তথ্য অনুসৰি এই সামগ্ৰীসমূহ হালদিয়াত নমাই বাংলাদেশলৈ পথেৰে প্ৰেৰণ কৰা হ’ব ৷ পাবনাৰ ৰূপপুৰত ১২০০ মেগাৱাট শক্তিৰ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ বাবে এই সামগ্ৰী ঢাকালৈ ৰপ্তানি কৰিছে ৰাছিয়াই। কিন্তু আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে বাংলাদেশ প্ৰশাসনে ইয়াক পাবনালৈ জাহাজেৰে নিয়াতো সম্ভৱ নহয় ৷
সূত্ৰ অনুসৰি ভাৰত-ৰাছিয়া অংশীদাৰিত্ব চুক্তিৰ অধীনত তৃতীয় দেশৰ প্ৰকল্প সহযোগিতাৰ অধীনত, ভাৰতে বাংলাদেশক পাৰমাণৱিক তাপ শক্তি কেন্দ্ৰ নিৰ্মাণত সহায় কৰি আছে। ভাৰতৰ সকলো বন্দৰ ৰাছিয়াৰ জাহাজৰ বাবে মুকলি কৰা হৈছে । ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক বাণিজ্যও বিগত এবছৰত প্ৰায় ৩০০ শতাংশ বৃদ্ধি পাইছে।
এই ৰূপপুৰ বিদ্যুৎ কেন্দ্ৰটো ২০২৫ চনৰ শেষৰ ফালে কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে ৷পৰিকল্পনা অনুসৰি ২০২৩ চনৰ ভিতৰত ৰূপপুৰৰ প্ৰথমটো ইউনিটে বিদ্যুৎ উৎপাদন কৰিব পাৰিব বুলি আশা কৰা হৈছে ৷ এই প্ৰকল্পৰ কেঁচামাল ৰাছিয়াৰ পৰা আহিছে। বাংলাদেশ চৰকাৰে বিগত কেইবছৰমানৰ পৰা বিশ্বৰ প্ৰধান শক্তিসমূহৰ মাজত ভাৰসাম্য ৰক্ষা কৰি আহিছে। কিন্তু ইউক্ৰেইনৰ যুদ্ধৰ পিছত দেশখনৰ ওপৰত হেঁচা বহু বৃদ্ধি পাইছে। শেহতীয়াকৈ বাংলাদেশত নিযুক্তি প্ৰদান কৰা আমেৰিকাৰ এজন ৰাষ্ট্ৰদূতৰ কাৰ্যকলাপৰ বাবে ৰাছিয়া আৰু আমেৰিকাৰ মাজত টুইট যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই পৰিস্থিতিত আমেৰিকাৰ নিষেধাজ্ঞাৰ পিছতো ভাৰতে বাংলাদেশ আৰু ৰাছিয়াৰ কাষত থিয় হোৱাতো কূটনৈতিক পৰ্যায়ত যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।