সোণৰ দোকানত চুৰি কৰা গোচৰত অভিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশিথ প্ৰামানিক। সেই গোচৰত মঙলবাৰে তেওঁ আলিপুৰদুৱাৰ আদালতত আত্মসমৰ্পণ কৰে। উল্লেখ্য যে প্ৰায় ১৪ বছৰ পূৰ্বে আলিপুৰদুৱাৰ চহৰৰ সমীপত দুখন সোণৰ দোকান চুৰিৰ ঘটনাত নিশিথৰ নাম সাঙোৰ খাইছিল ৷ আলিপুৰদুৱাৰ থানাত লিখিত অভিযোগ দাখিল কৰা হৈছিল ৷
আলিপুৰদুৱাৰৰ ন্যায়িক দণ্ডাধীশে যোৱা বছৰৰ ১১ নৱেম্বৰত নিশিথৰ বিৰুদ্ধে ৱাৰেণ্ট জাৰি কৰিছিল। কিন্তু পিছত কলিকতা উচ্চ ন্যায়ালয়ে এই ৱাৰেণ্টত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰে। মঙলবাৰে পুৱা আলিপুৰদুৱাৰ আদালতত উপস্থিত হয় নিশিথ। তেওঁৰ লগত কেইবাজনো সমৰ্থকও আছিল। ইয়াৰ উপৰিও আদালতৰ চৌহদ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল ৷
২০০৯ চনত নিশিথে আলিপুৰদুৱাৰ চহৰৰ সমীপত দুখন সোণৰ দোকান চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। ২০১৯ চনত তেওঁ সাংসদ হোৱাৰ পিছত এই গোচৰটো বৰাছাট সাংসদ আদালতলৈ হস্তান্তৰ কৰা হয়। কিন্তু পিছত নিশিথৰ আবেদনৰ ভিত্তিত কলিকতা উচ্চ ন্যায়ালয়ে গোচৰটো পুনৰ আলিপুৰদুৱাৰ নিম্ন আদালতলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ জাৰি কৰে। এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক মহলত আৰম্ভ হয় বিতর্কৰ ৷