জ্যোতিৰ্মঠ নামেৰেও পৰিচিত যোশীমঠ উত্তৰাখণ্ডৰ চামোলী জিলাৰ এখন আকৰ্ষণীয় চহৰ৷
গড়ৱাল হিমালয়ৰ ৬১৫০ ফুট উচ্চতাত অৱস্থিত এই চহৰখনক হিমালয়ৰ কেইবাটাও পৰ্বতাৰোহণ অভিযান, ট্ৰেকিং ট্ৰেইল আৰু বদ্ৰীনাথ, আউলি আৰু ভেলী অৱ ফ্লাৱাৰ্ছৰ দৰে তীৰ্থযাত্ৰী কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বুলি ক’ব পাৰি ৷
ইয়াত অৱস্থিত আদি শংকৰে প্ৰতিষ্ঠা কৰা চাৰি পীঠৰ ভিতৰত ই এক অন্যতম এটা পীঠস্থান ।আনহাতে ২০১৩ চনৰ কেদাৰনাথ বানত ক্ষতিগ্ৰস্ত লোকক উদ্ধাৰৰ বাবে ভিত্তি শিবিৰ হিচাপে ব্যৱহাৰ কৰা ভাৰত-তিব্বতী সীমান্তৰ নিকটতম সেনা ষ্টেচন ‘দ্য গড়ৱাল স্কাউটছ’ ৰ স্থায়ী ষ্টেচন যোশীমঠ কেণ্টনমেণ্ট৷
বিগত সময়ছোৱাত ভূমিস্খলনৰ ফলত ধ্বংসাৱশেষত পৰিণত হোৱা উত্তৰাখণ্ডৰ এই চহৰখনে প্ৰায় ৫০০ মিটাৰৰ ধ্বংসাৱশেষত বসতি স্থাপন কৰিছে ৷
প্ৰশাসনে প্ৰদান কৰা তথ্য অনুসৰি চহৰখনৰ ৬৭৮টাকৈ ঘৰত ফাট মেলিছে আৰু এতিয়ালৈকে প্ৰায় ৮১টা পৰিয়ালক স্থানান্তৰিত কৰা হৈছে ৷