কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে যোৱাকালি জিলাখনৰ উচ্চতৰ তথা উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ অধ্যক্ষ তথা প্ৰধান শিক্ষক সকললৈ প্ৰেৰণ কৰা এক পত্ৰত কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে কৰ্তব্যত অনুপস্থিত থকা অধ্যক্ষ, প্ৰধান শিক্ষক তথা শিক্ষক সকলৰ বিৰুদ্ধে উপযুক্ত অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰা হব বুলি উল্লেখ কৰিছে।
পত্ৰখনত কোৱা হৈছে যে কিছুসংখ্যক বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক তথা অন্যান্য শিক্ষকে কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে বিদ্যালয়ত অনুপস্থিত থকাটো প্ৰত্যক্ষ কৰা হৈছে। এনে শিক্ষকৰ বিৰুদ্ধে নিয়ম অনুসৰি অনুশাসন মূলক ব্যৱস্থা লোৱা হ’ব। তদুপৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি অৱিহনে বিদ্যালয় চলি থকা সময়ত কৰ্তব্যত অনুপস্থিত থকা শিক্ষকৰ বিৰুদ্ধেও অসম চাৰ্ভিচ (কণ্ডাক্ট) ৰুলচ, ১৯৬৫ৰ অধীনত কঠোৰ পদক্ষেপ লোৱা হ’ব বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে।
তদুপৰি প্ৰাক-প্ৰৱেশিকা পৰীক্ষাৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া প্ৰাৰ্থী সকলৰ পাঠদান ইত্যাদিকে ধৰি বিদ্যালয় সম্বন্ধীয় বিভিন্ন কামকাজ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবেও পত্ৰখনত কোৱা হৈছে।