তেঁতেলী চিৰ সেউজীয়া ডাঙৰ গছ।।ফলৰ ওপৰৰ বাকলি কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে শুকান হয়। ফল অতি টেঙা।
বৈজ্ঞানিক নাম :- Tamarindus Indica
তেঁতেলী কেঁচাই খোৱাৰ উপৰিও বহুতে আচাৰ বনাই খায় । তেঁতেলী টক বনাই খাবলৈও ভাল। তেঁতেলী শুকুৱাই লাড়ু বনাই বহুত দিনলৈ ৰাখিব পাৰি। এনেকৈ ৰাখি থৈ দিয়া তেঁতেলীৰে গৰমৰ দিনত চৰবত বনাই খাব পাৰি। তেঁতেলীৰ আছে বহুত ঔষধি গুণ-
১) পকা তেঁতেলীয়ে ভোক বঢ়ায়। ই কফ আৰু বায়ু নোহোৱা কৰে।
২) পকা তেঁতেলীৰ চৰবতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত কৰে।
৩) পকা তেঁতেলী গুড়ৰ লগত খালে ৰক্ত বৃদ্ধি হয়।
৪) পুৰণি পকা তেঁতেলীয়ে বাত ৰোগ ভাল কৰিব পাৰে।
৫) তেঁতেলীৰ পাত সিজোৱা পানীৰে মুখৰ ভিতৰৰ ঘা , পানীলগা , জিভাৰ অৰুচি নাইকীয়া কৰে।
৬) হাত-ভৰি মোচোকা খোৱাত তেঁতেলীৰ পাত গৰম কৰি বান্ধিলে যথেষ্ট আৰাম পোৱা যায়।
৭) তেঁতেলীয়ে ছাল নিমজ কৰাত সহায় কৰে।
৮) পকা তেঁতেলীয়ে শৰীৰৰ অতিৰিক্ত মেদ কমায়।
৯) পকা তেঁতেলীৰ চৰবতে কলেষ্টেৰল কমাব পাৰে।
১০) তেঁতেলীয়ে শৌচ কঠিনতা দূৰ কৰে।