অসমীয়াৰ জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ বিহু। বিহুক অসমীয়াৰ বাপতি সাহোন , হিয়াৰ আপোন উৎসৱ বুলি কোৱা হয়। মুঠতে বিহুৱেই অসমীয়া জাতিৰ প্ৰাণ, অসমীয়া জাতিৰ মান। তিনিটা বিহুৰ ভিতৰত অন্যতম মাঘৰ ভোগালী বিহু। পথাৰৰ লখিমি চপাই অনাৰ পিছৰ পৰাই আৰম্ভ হয় ভোগালী বিহুৰ প্ৰস্তুতি।
বিহুৰ কেইদিন মান আগৰে পৰাই গাৱঁৰ ডেকা , লৰা হঁতে পথাৰৰ পৰা নৰা কাটি আনি ৰাজহুৱা স্থানত দোমাহীৰ দিনা সমূহীয়া অগ্নি সেৱাৰ বাবে মেজি সাজে। আকৌ পথাৰত নৰা , কলপটুৱা , বাঁহ আদিৰে ভেলা ঘৰ সাজি গাৱঁৰ ডেকা , লৰাহঁতে মিলিজুলি ভোজভাত খাই মাঘৰ দোমাহীৰ আগদিনা আনন্দ -ফুৰ্তিৰে নিশা উজাগৰে কটায়। আৰু ইয়াতে প্ৰকাশ পায় ভোগালী বিহুৰ ‘উৰুকা’ৰ একতা আৰু আনন্দৰ বতৰা। প্ৰকৃততে সকলোৱে মিলি-জুলি ভোজ-ভাত খাই মনৰ আনন্দ প্ৰকাশ কৰাই মাঘ বিহুৰ উৰুকাৰ মূল বৈশিষ্ট্য। উৰুকাৰ পিচদিনা দোমাহী অৰ্থাৎ মাঘ বিহু।
সেইদিনা খন ঘৰৰ সকলোৱে ৰাতি পুৱাঁ সোনকালে উঠি গা ধুই সাজি থোৱা মেজিত জুই লগাই দি অগ্নি দেৱতাক সেৱা কৰে। বছৰটো শান্তিৰে ,মংগলেৰে , সুখ-সমৃদ্ধিৰ মাজেৰে পাৰ কৰি দিবলৈ সকলোৱে অগ্নি দেৱতাক প্ৰাৰ্থনা জনায়।
মাঘ বিহু বা ভোগালী বিহুৰ সমধৰ্মী পশ্চিম অসমৰ পুষণা বা দোমাসী বা সংক্ৰান্তি বা পুষুৰা উৎসৱ।পুঁহ মাহৰ প্ৰথমৰ পৰাই শিশু ,যুৱক আৰু প্ৰৌঢ় সকলে এই উৎসৱৰ পাতনি মেলাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। পুঁহ মাহত খেতিয়কে খেতি চপোৱাৰ অন্তত পথাৰ সমূহ উদং হৈ পৰে। সেইবাবে এই সময়ত ঘৰৰ জীৱ -জন্তুবোৰকো পথাৰত খেতি নথকা বাবে খাদ্য গ্ৰহণৰ বাবে মুকলিমুৰীয়াকৈ এৰি দিয়ে। আগৰ দিনত এই অঞ্চল সমূহ বন-জংগলৰ পৰিমাণ বেছি আছিল বাবে বাঘ আদি হিংস্ৰ জন্তুৰ প্ৰভাৱ বেছি আছিল। সেই অঞ্চলৰ কোচ-ৰাজবংশী সম্প্ৰদায়ৰ লগতে বড়ো , ৰাভা আদি জনগোষ্ঠীয় লোকৰ মাজত বাঘ বা বাঘৰ ৰূপত ‘ সোণাৰায় ‘ ঠাকুৰ বা ‘ বাঘেশ্বৰী ‘ দেৱী পূজাৰ প্ৰচলন পুঁহ -মাঘৰ সংক্ৰান্তিত প্ৰচলিত হৈ আহিছে।
এই সময়ত এখন গাওঁত ১৫/২০ জনীয়া দল একোটা গঠন কৰা হয়। এজন গীতাল, দুজন খোল বাদক , দুজন কুপী বা বাঁহী বজোৱা বাদক , দুজন তাল বাদকৰ লগতে বাকীবোৰে হাত চাপৰি বজাই সহযোগ কৰে। এই দলবোৰে কেতিয়াবা ল’ৰাক ছোৱালী সজাই ‘ছুকুৰী’ লগত লৈ নৃত্য-গীত কৰিছিল বুলিও জানিব পৰা যায়। সাধাৰণতে খালি ভৰিৰে গধূলি হোৱাৰ লগে লগে ‘সোণাৰায় ‘ মাগিব ওলায় আৰু গৃহস্থ শুবলৈ নোযোৱালৈকে ঘৰে ঘৰে ‘সোণাৰায়’ গীত পৰিৱেশন কৰি মাগি ফুৰে। ‘সোণাৰায় ‘ গীত সমূহ প্ৰধানত কৃষ্ণ বলৰামক উদেশ্য কৰি আধ্যাত্মিক ভাৱত পৰিৱেশন কৰা হয় যদিও কিছুমান স্থানীয় স্মৃতি , ইতিহাস , ঘটনা আদিক কেন্দ্ৰ কৰিয়ো গীত পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়।
‘সোণাৰায়’ গীত পৰিৱেশনৰ আগতে বা কেতিয়াবা গীতৰ পিছতো এটি দীঘলীয়া সুৰ টানি গোৱা হয়————–
ও হো হো হো——-
সোণাৰায় ৰূপাৰায়ৰে
মাণিক দুইৰে ভাই,
চলৰে চলৰে দাদা
কাঙাল বনে যাই।
সোণাৰায় মাগন গীত গোৱাৰ অন্তত গৃহস্থক মান দিয়াৰ ক্ষেত্ৰত গোৱা হয় –
ধন্য ঠাকুৰ সোণাৰায় গায়ৰস্থক দে তুই বৰ
ধনে বংশে বাৰুক গিৰী
চন্দ্ৰ দিবাকৰ
ঠাকুৰ সোণাৰায় হে——-
এনেদৰে ডাঙৰ সকলৰ দৰে শিশু সকলেও আঠ-দহ জনকৈ লগহৈ চুবুৰীয়ে চুবুৰীয়ে সোণাৰায় মাগি ফুৰে । ঠিক তেনেকৈ বৃদ্ধ আৰু শিশু সকলৰ দৰে ডেকা চামেও দলবদ্ধ হৈ চুবুৰীয়ে চুবুৰীয়ে ‘সোণাৰায়’ মাগন গীত পৰিৱেশন কৰা দেখা যায় ——
” বাগ নামিলোৰে
চিতিয়া পাখৰা,
শীতেৰ সময় নামিলো বাগ
মানুষ কামৰা,
বাগ নামিলোৰে।
এনেদৰে ‘সোণাৰায়’ মাগন গীত গাই গৃহস্থক মান দিয়ে। গৃহস্থই দক্ষিণা দিওঁতে কমকৈ দিলে উপলুঙা কৰি গায়—-
ঝুণ ঝুণ টোকোৰাৰ বাইজ বাজেৰে
কালা বাশীৰ সুৰে
সোগাক শুনাইছি গিৰী তোমাৰ বৰো নাম
সোণাৰায়েৰ দক্ষিণা দিলেন
আদা কুলা ধান
সিওধান ঘুৰিয়া দিলং
পিঠা ভাজি খান গিৰি
পিঠা ভাজি খান ।
এনেদৰে সোণাৰায় মাগন মাগি পোৱা টকাৰে পুঁহ-মাঘ মাহৰ সংক্ৰান্তিৰ দিনা গাওঁ খনৰ এঘৰৰ চোতালত দিনৰ ভাগতে সমূহীয়া ভোজৰ আয়োজন কৰে। ভোজ ভাত ৰান্ধা হ’লে প্ৰথমতে ৰান্ধা বস্তুবোৰ এখন আগলতি কলপাতত সোণাৰায় ঠাকুৰক আগবঢ়াই সেৱা জনোৱাৰ পিছতহে ৰাইজে আহাৰ গ্ৰহণ কৰাৰ পৰম্পৰা চলি আহিছে।
এনেদৰে সোণাৰায় মাগনৰ লগে লগে পশ্চিম অসমৰ ঘৰে ঘৰে পিঠা , লাড়ু , দৈ চিৰা বনোৱাৰ প্ৰস্তুতি চলে। সংক্ৰান্তিৰ দিনা পুৱাই উঠি গা-পা ধুই জুই পুওৱাৰ লগতে বছৰৰ এই মহত্বপূৰ্ণ দিনটোত অগ্নি দেৱতাক সেৱা জনাই পিঠা ,লাড়ু দৈ -চিৰা আদি খোৱাৰ প্ৰচলন চলি আহিছে অতীজৰে পৰা।