আগৰতলা, ১১ জানুৱাৰী: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহাৰ সৈতে আজি বুধবাৰে ৰাজ্যখনৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ বাবে অধ্যয়ন, গৱেষণা, প্ৰশিক্ষণ আৰু কৰ্মশালাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ল’জিষ্টিক, যোগাযোগ আৰু জলপথ বিদ্যালয়ৰ শুভ উদ্বোধন কৰে৷ ৰাজ্যিক ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অধীনত এই বিদ্যালয় স্থাপন কৰা হৈছে। এছআইপিএআৰডি হৈছে ত্ৰিপুৰা চৰকাৰৰদ্বাৰা আৰু আংশিকভাৱে ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰদ্বাৰা পুঁজি যোগান ধৰা এক স্বায়ত্তশাসিত সংস্থা।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সোণোৱালে কয়, “এই পদক্ষেপে ব্যৱসায়ী আৰু উদ্যোগীসকলৰ মাজত এক ইতিবাচক আৰু অনুকূল বাতাৱৰণৰ সৃষ্টি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়ী, ৰপ্তানিকর্তা, আমদানিকর্তা, স্থানীয় উদ্যোগী, ট্যুৰ অপাৰেটৰ,চিকিৎসক আৰু ঠিকাদাৰসকলৰ সুবিধার্থে জলপথ সম্পৰ্কীয় কামবোৰ সুচাৰুৰূপে আৰু প্ৰণালীবদ্ধভাৱে আগুৱাই নিয়াৰ দিশত এক প্রাণকেন্দ্র হিচাপে কাম কৰিব৷ জলপথৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰাৰ বাবে পেছাদাৰী আৰু দক্ষতাপূৰ্ণ মানৱ সম্পদ গঢ়াত বিদ্যালয়খনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি দৃঢ় বিশ্বাসী”
উত্তৰ-পূবৰ অৰ্থনৈতিক প্ৰগতিৰ পথ হিচাপে জলপথৰ সুযোগ-সম্ভাৱনা সন্দৰ্ভত ভাষণ
প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে আজি কয়, “মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে নতুন ভাৰতৰ ইঞ্জিন অর্থাৎ উত্তৰ-পূর্বাঞ্চলক নতুন শক্তি প্ৰদানৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্রহণ কৰি আহিছে। মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ
মন্ত্রালয়ে অঞ্চলটোত কাৰ্গ’ আৰু যাত্ৰী পৰিবহণৰ বাবে আমাৰ অভ্যন্তৰীণ জলপথ প্ৰণালীক পুনৰুজ্জীৱিত কৰাৰ দিশত নিৰৱচ্ছিন্ন কাম কৰি আছে৷ পৰিবহণৰ এক দ্রুত,ব্যয়সাপেক্ষ আৰু সুলভ উপায় হোৱাৰ উপৰি জলপথ পৰিবহণে আন্তর্জাতিক বজাৰৰ সৈতে বাণিজ্য বিকাশৰ বাবে নতুন দিগন্তৰ সূচনা কৰে৷ এই দিশবোৰৰ প্ৰতি দৃষ্টি ৰাখিয়েই উত্তৰ-পূবৰ ঐতিহাসিক জলপথসমূহৰ উজ্জীৱিতকৰণত আমি গুৰুত্ব আৰোপ কৰিছোঁ।”
উল্লেখযোগ্য যে, উত্তৰ-পূবৰ ভিতৰত আৰু ইয়াৰপৰা মসৃণ সংযোগৰ বাবে ৰাষ্ট্ৰীয় জলপথ ১৬ (বৰাক) আৰু ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট নং ৫, ৬, ৯ আৰু ১০ৰ ব্যাপক বিকাশৰ বাবে এই সন্দৰ্ভত বিনিয়োগ ২০২৪-২৫চনলৈ ১৪৮ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।