কেন্দ্ৰত চৰকাৰ সলনি হ’লেই বিভিন্ন আঁচনিৰ নামো সলনি হয় ৷ এইবাৰ নৰেন্দ্ৰ মোদী চৰকাৰে সলনি কৰিব ইউপিএ চৰকাৰৰ খাদ্য সুৰক্ষা আঁচনিৰ নাম ৷ কেন্দ্ৰীয় কেবিনেটে খাদ্য সুৰক্ষা আঁচনিৰ নাম সলনি কৰি ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ক’ভিডৰ সময়ত মোদী চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি লোৱা ৮১ কোটি লোকক বিনামূলীয়াকৈ অতিৰিক্ত ৰেচন বিতৰণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ নাম আছিল ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’।দুসপ্তাহ পূৰ্বে মোদী চৰকাৰে সিদ্ধান্ত লৈছিল যে এইবাৰো খাদ্য সুৰক্ষা আইনৰ অধীনত ৮১ কোটি লোকক সম্পূৰ্ণ বিনামূলীয়া ৰেচন দিয়া হ’ব। এতিয়ালৈকে চাউলৰ বাবে প্ৰতি কেজিত ৩ টকা আৰু ঘেঁহুৰ বাবে প্ৰতি কেজিত ২ টকা আদায় দিব নালাগে ৷ আনফালে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অন্ত পেলাই অতিৰিক্ত ৰেচন বিতৰণ বন্ধ কৰি দিয়া হয় ৷
২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত লয় যে সমগ্ৰ খাদ্য সুৰক্ষা আঁচনিৰ নাম এতিয়াৰে পৰা হ’ব ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা’। কেন্দ্ৰীয় কেবিনেটলৈ প্ৰেৰণ কৰা এক টোকাত খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে নতুন নামটো ‘প্ৰধানমন্ত্ৰী গৰিব অন্ন সুৰক্ষা যোজনা’ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।
কংগ্ৰেছে অভিযোগ কৰে যে ইউ পি এ চৰকাৰে খাদ্য সুৰক্ষা আইন প্ৰণয়ন কৰি দৰিদ্ৰ লোকৰ বাবে সুলভ ৰেচনৰ আঁচনি গ্ৰহণ কৰিছে। সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েই ইয়াৰ বিৰোধিতা কৰিছিল। ইয়াৰ পূৰ্বেও মোদীয়ে পুৰণি চৰকাৰী আঁচনি, বিশেষকৈ ইউ পি এ চৰকাৰৰ আঁচনিবোৰক নতুন ধৰণে প্ৰধানমন্ত্ৰীৰ নাম সংযোজন কৰিছিল। উদাহৰণ স্বৰূপে ইন্দিৰা আৱাস যোজনাৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা কৰা হৈছে। শস্য বীমা আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰখা হৈছে। দৰিদ্ৰ পৰিয়ালসমূহক বিনামূলীয়া ৰন্ধন গেছৰ সৈতে সংযোগ কৰাৰ আঁচনিখনৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা কৰা হৈছে। এইবাৰ খাদ্য ৰাজসাহায্যত প্ৰধানমন্ত্ৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।
চৰকাৰী সূত্ৰ অনুসৰি বিনামূলীয়া ৰেচন বিতৰণৰ সমগ্ৰ খৰচ মোদী চৰকাৰে বহন কৰিব। সেয়েহে সম্পূৰ্ণ কৃতিত্ব লাভ কৰিব মোদীয়ে ৷ সেইবাবেই এই প্ৰকল্পৰ নাম প্ৰধানমন্ত্ৰীৰ নামেৰে ৰখা হৈছে। বিনামূলীয়া ৰেচন বিতৰণৰ বাবে চৰকাৰে বছৰি দুই লাখ কোটিৰো অধিক খৰচ হ’ব।