১১জানুৱাৰী বুধবাৰে গুৱাহাটী মহানগৰীৰ নাৰেংগী শংকৰদেৱ বিদ্যা নিকেতন প্ৰাংগণত “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ৮৩ বছৰীয়া কবি, লেখক ডা : অৱনী মোহন শৰ্মাৰ কাব্য সংকলন “নৱ কল্লোল” আৰু গল্প সংকলন “মৌন বেদনা” শুভ উন্মোচন কৰা হয় । নিউ গুৱাহাটী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিধন বৰ্মণৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাৰ আদৰণি ভাষণ দিয়ে প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই । ড০ প্ৰান্তিকা শৰ্মাৰ মংগলাচৰণেৰে আৰম্ভ কৰা সভাত কাব্য সংকলনখনি উন্মোচন কৰি পদ্মশ্ৰী প্ৰাপক, বিশিষ্ট কবি, লেখক, সমালোচক ড০ ৰোমান শৰ্মাই কয়- “কবিতাৰ প্ৰতি মানুহৰ আকৰ্ষণ অনন্য । ব্যতিক্ৰম ধৰ্মী লেখনি, ৰছনা, সৃষ্টিবোৰ মানুহৰ মাজত মনত থাকে । মানৱীয় প্ৰমূল্যবোধৰ লেখাইহে মানুহৰ মনত সাচ বহুৱায় । মানৱতা দৰ্শনৰ গুণ, দুৰ্দশাগ্ৰস্তজনৰ হকে লিখাবোৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে । অসূয়া শক্তি, অপ শক্তি, অপ-সংস্কৃতিৰ বিৰুদ্ধে কবিতা বা অন্যান্য সাহিত্য সৃষ্টি কৰিব লাগে । হিংসা,বিদ্বেষ, যুদ্ধৰ বিৰুদ্ধে কলম চলাব লাগে ।”
গল্প সংকলনখনি উন্মোচন কৰি গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড০ পূৰ্ণ ভট্টাচাৰ্যই কয়- “মানুহ চিৰ প্ৰেমিক । মৃত্যুলৈকে অন্তৰত প্ৰেম প্ৰবাহিত হৈ থাকে । সাহিত্যত সতেজতা থাকিবই লাগিব । সাহিত্যত যুগৰ প্ৰভাৱ, সভ্যতাৰ প্ৰভাৱ স্পষ্টকৈ পৰে । কাহিনী আৰু বৰ্ণনা একে হ’ব লাগে । জীৱনত অধ্যয়ন কৰিলেহে সত্য উপলব্ধি কৰিব পাৰে ।” শিক্ষয়িত্ৰী প্ৰণামিকা শৰ্মাই আঁত ধৰা সভাত অৰ্ণৱ শইকীয়া আৰু মীনাক্ষী ঠাকুৰীয়াই গীত, মনোজ কুমাৰ মিশ্ৰই কবিতা আবৃত্তি কৰে । নিধন বৰ্মণে সভাপতিত্ব কৰা সভাত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ড০ দীনেশ চন্দ্ৰ কলিতাই সমজুৱাৰ ফালৰ পৰা বক্তব্য দাঙি ধৰে ।