দুঃসাহসিক ক্ৰীড়াপ্ৰেমীৰ মাজত একক ভ্ৰমণ অতি জনপ্ৰিয়। বহুতৰে দুর্গম পথত ট্ৰেকিং কৰাৰ চখ আছে ৷ বহুতে ট্ৰেকিং ভাল পায়। কিন্তু ট্ৰেকিং আৰম্ভ কৰাৰ আগতে কি কি লগত লৈ যাব লাগিব সেয়াও এক সুকীয়া চিন্তা ৷
গতিকে ট্ৰেকিং কৰাৰ আগতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা মনত ৰাখি বেগটো এপদ এপদ সামগ্ৰী ৰাখিব লাগে ৷ বেগটো যাতে গধুৰ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে ৷ গতিকে এই বেগ পেকিং কৰোতে সচেতন হওক।
১) আপুনি যাবলগীয়া স্থানডোখৰৰ ঠাণ্ডা অনুসৰি এটা হ’ল’ফিল জেকেট লগত লৈ যাব । তিনি-চাৰিটা সম্পূৰ্ণ হাতৰ চাৰ্ট বা টি-চাৰ্ট লগত ৰাখক । কেইবাটাও পকেট থকা কাৰ্গো পেণ্টো আপোনাৰ বেগত ৰাখক ৷ মোজা, গ্লভছ, টুপী ল’বলৈ নাপাহৰিব। কেইবাযোৰ অর্ন্তবাস লগত লওঁক ৷
২) সচৰাচৰ গা ধোৱাৰ পৰিস্থিতি ট্ৰেকিঙৰ সময়ত নাথাকে ৷ গতিকে হাত আৰু মুখ পৰিষ্কাৰ কৰিবলৈ টিছু, ক্ৰীম, কপাহ আদি লওক। লগতে বডি স্প্ৰেও লগত ৰাখক। ছানস্ক্ৰীণ আৰু ছানগ্লাছ ল’বলৈ নাপাহৰিব ৷ কেতিয়াবা পাহাৰত বৰষুণ বা বৰফ পৰে গতিকে ছাতি এটা লৈ ফুৰিব।
৩) এডাল লাঠি লগত ৰাখিব । যদি নাই তেন্তে ফল্ডিং ষ্টিক কিনিব। মেডিচিন পেকত ন’জেল ড্ৰ’প, অ’ আৰ এছ,, জ্বৰৰ বাবে প্ৰয়োজনীয় ঔষধৰ লগতে নিজৰ প্ৰেছক্ৰিপচন মতে দৰৱ ৰাখিব ৷ ভাল ক্ৰেপ বেণ্ডেজ, ডিঙিৰ টুপি লগত লৈ যাব ৷ লগত বিষৰ বাম বা স্প্ৰে ল’বলৈ নাপাহৰিব ৷ডায়েৰীত উপযোগী ফোন নম্বৰ লিখি থওক। লগত নিজৰ পৰিচয় পত্ৰ লৈ যাব। যিকোনো পৰিস্থিতিত ব্যৱহাৰ কৰিব পাৰিব।