আফগানিস্তানত শাসনৰ গাদী দখল কৰাৰ পাছতে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে ৷ বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে ৷ স্কুল, কলেজ, এন জি অ’ বা আন ঠাইত মহিলাৰ চাকৰিৰ ওপৰত দমন চলোৱাৰ পিছত এইবাৰ তালিবানে নিৰ্দেশ দিছে যে কোনো আফগান মহিলাই পুৰুষ চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰিব। অৰ্থাৎ অসুস্থ হ’লে কেবল মহিলা চিকিৎসকৰ ওচৰ চাপিব পাৰিব । আনহাতে, ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত নিষিদ্ধ কৰাৰ বাবে ভৱিষ্যতে মহিলাৰ চিকিৎসক হোৱাৰ পথটোও এক অবাস্তৱ ধাৰণা। এনে কাৰণত পূর্বেও চিকিৎসা অবিহনে মহিলাৰ মৃত্যু হৈছিল। পুৰুষ অভিভাৱক অবিহনে ঘৰৰ পৰা ওলোৱাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। পৰিয়ালত ল’ৰা নাথাকিলে মহিলা ঘৰৰ বাহিৰলৈ ওলাই যাব পৰা নাছিল।
ক্ৰীড়া আৰু সৌন্দৰ্য্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আগন্তুক দহ দিনৰ ভিতৰত দেশৰ সকলো বিউটি চেলুন বন্ধ কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। ইতিমধ্যে বদাখশান প্ৰদেশৰ কুণ্ডুজৰ চেলুনসমূহ বন্ধ কৰি দিয়া হৈছে। চাকৰি হেৰুৱাই চৰম নিৰাপত্তাহীনতাত ভুগিছে চেলুন মালিকসকল। প্ৰশাসনৰ মতে, যদি কোনো আফগান লোকে বিউটি চেলুনৰ বাবে ঘৰ বা কাৰ্যালয় ভাড়াত লয় তেন্তে তেওঁ অবৈধ কাম কৰা বুলি গণ্য কৰা হ’ব ।তেওঁৰ শাস্তি নিশ্চিত। তালিবানৰ বিষয়াসকলে মহিলা খেলুৱৈক ঘৰলৈ গৈ ভাবুকি দিছে।
তালিবানৰ এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছে সমগ্ৰ বিশ্বই ৷ আফগানিস্তানৰ ৰাজনৈতিক আৰু মানৱ অধিকাৰ কৰ্মী শ্ববনম নাছিমিয়ে টুইটাৰযোগে লিখিছে, ‘মহিলাৰ অধিকাৰ ইটোৰ পিছত সিটোকৈ নাইকিয়া হৈছে ৷ তালিবানৰ এই অন্যায়ৰ প্ৰতিবাদ কোনেও নকৰে।“