সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। অসমীয়াৰ অতি আপোন ভোগালী ভোগৰ হওক, সদায় আনন্দৰ উৎসৱ হৈ ৰওক তাৰে কামনা কৰে মন্ত্ৰী হাজৰীকাই। অসমীয়া জাতিৰ অতি আদৰৰ এই ভোগালী সকলোৱে ভালদৰে পালন কৰাৰ লগতে সকলোৰে জীৱন সুখ-সমৃদ্ধিৰে ভৰি পৰক ভগৱানৰ ওচৰত তাৰে কামনা কৰে মন্ত্ৰীগৰাকীয়ে।