মধুৰিআম বহুতৰে প্ৰিয় ফল। মধুৰিআম সুস্বাদু ফল হোৱাৰ উপৰিও ভিটামিন যুক্ত বহতো উপকাৰী গুণেৰে ভৰপূৰ। মধুৰিআমৰ লগতে মধুৰিআমৰ পাততো আছে বিশেষ উপকাৰী গুণ। জাঁনো আহকচোন মধুৰিআমৰ পাতৰ বিষয়ে—-
বিশেষজ্ঞ সকলৰ মতে , ঔষধি গুণেৰে ভৰপূৰ মধুৰিআমৰ পাত প্ৰাকৃতিক ঔষধ হিচাপে বৱহাৰ কৰা হয়। মধুৰিআমৰ পাত বিভিন্ন উপায়েৰে খাব পাৰি যদিও বিশেষকৈ চাহৰ লগত এই পাত উতলাই খোৱা দেখিবলৈ পোৱা যায় অনেক দেশত। পুষ্টিবিদ সকলৰ মতে , মধুৰিআমৰ পাতৰ চাহ আয়ুৰ্বেদিক ঔষধ হিচাপে পৰিচিত। ইয়াত এণ্টি-অক্সিডেণ্ট , ফ্ল্যাভোনয়েডছ আৰু কোয়েসাৰ্টিক আদি নানা ঔষধি গুণ পোৱা যায়।
কেনেকৈনো প্ৰস্তুত কৰিব পাৰি মধুৰিআমৰ পাতৰ চাহ। বহুত সময় ধৰি পাত খিনি পানীত উতলাই থাকিব লাগে। আৰু এই চাহত চেনি নিদিয়াকৈ খোৱাটোৱে উচিত। বিশেষজ্ঞ সকলৰ মতে , নিয়মিত ভাৱে মধুৰিআমৰ পাতৰ চাহ সেৱন কৰিলে যথেষ্ট উপকাৰ পোৱা যায়।