নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ হীৰক জয়ন্তী বৰ্ষৰ অন্যতম কাৰ্যসূচী ভোগালী বিহু উদযাপন এইবেলি মহাসমাৰোহেৰে পালন কৰা হয় । যোৱা ১৩ জানুৱাৰী তাৰিখে আয়োজিত প্ৰাক উৰুকাত মানস ৰবীন, সংগীতা কাকতি,চয়নিকা ভূঞা , মুনীন বৰুৱা, তেহচিন আখতাৰ আদিকে ধৰে অসমৰ বিশিষ্ট কণ্ঠশিল্পীসকলৰ বিহুসুৰীয়া গীত মাতে জীপাল কৰি তোলে সমগ্ৰ বিহুতলীখন । সকলো ৰাইজে মিলিজুলি আনন্দে উৰুকাৰ প্ৰীতি ভোজত অংশ লয় ।
বিহুৰ সংক্ৰান্তিৰ দিনা বিহুতলীত ঠাহ খাই পৰা ৰাইজৰ মাজত এইবাৰ মেজি প্ৰজ্বলন কৰে , বিশিষ্ট সাংবাদিক তথা সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত সাহিত্যিক মনোজ কুমাৰ গোস্বামীদেৱে । বত্ৰিশ ফুট ওখ মেজি আৰু ভেলাঘৰ ৰীতি নীতিৰে জ্বলোৱাৰ পিছত সমবেত ৰাইজে বিহুৰ জলপান গ্ৰহণ কৰে ।
মেজি প্ৰজ্বলন অনুষ্ঠানৰ পূৰ্বে বিহুতলীৰ চৌপাষে এঘাৰ জোপা নাৰিকল গছৰ পুলি ৰুই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে, আমজাদ আলি নামৰ প্ৰকৃতিবিদজনে। সন্মিলনৰ তৰফৰ পৰা তেখেতক বিশেষ সম্বৰ্ধনা জনোৱা হয় ।
ভোগালীৰ আনন্দৰ মাজত বিহু সন্মিলনৰ উদ্যোগত পুৱতি বেলা এক চাইকেল ৰেলীৰ আয়োজন কৰা হয় । ৰেলীত অংশগ্ৰহণকাৰী সকলোকে একোটিকৈ স্মাৰক প্ৰদান কৰা হয় ।
সামাজিক দায়বদ্ধতাৰ অংশ স্বৰূপে মাঘৰ জাৰক ভেঁটিব নোৱাৰা কেইবাগৰাকীও দৰিদ্ৰ লোকৰ মাজত সন্মিলনৰ তৰফৰ পৰা কম্বল তথা বস্ত্ৰ আগবঢ়োৱা হয় ।
ভোগালীৰ আনন্দ উপভোগ্য কৰি তুলিবলৈ বিহুতলীত বিভিন্ন পৰম্পৰাগত খেলৰ আয়োজন কৰে । পুৰুষ মহিলা নিৰ্বিশেষে অনেক লোকে ইয়াত অংশগ্ৰহণ কৰি ঠাইডোখৰ মুখৰ কৰি তোলে ।
শ শ লোকৰ সমাগমে ভোগালী বিহুৰ সকলো কাৰ্যসূচী সফল কৰি তোলা বাবে বিহু সন্মিলনৰ সভাপতি কমল মেধি , কাৰ্যকৰী সভাপতি সুৰথ চৌধুৰী আৰু সম্পাদক অজয় তালুকদাৰে সমূহ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে ।