ভাৰতীয় সকলৰ বাবে এক সুখবৰ ৷ জনপ্ৰিয় ব্ৰেণ্ড ইক’ছ’লৰ গ্ৰাহক সকলৰ বাবে ৷ কিয়নো গ্ৰাহকসকলে এতিয়াৰে পৰা অনলাইন যোগে ক্ৰয় কৰিব পাৰিব ইক’ছ’লৰ সামগ্ৰীসমূহ ৷ শেহতীয়াকৈ ভাৰতীয় বজাৰত প্ৰবেশ কৰাৰ কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে ৷ ইতিমধ্যে এমাজন আৰু ফ্লিপকাৰ্টত উপলব্ধ হৈছে ইক’ছ’লৰ ঘৰুৱা ব্যৱহাৰ্য্য সামগ্ৰীসমূহ ৷ জানিবপৰা মতে পৰিবেশ অনুকূল ঘৰুৱা সামগ্ৰী নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে অচিৰেই আন ই-কমাৰ্চ প্ৰতিষ্ঠানসমূহতো বিক্ৰী কৰিব ইয়াৰ সামগ্ৰী ৷
উল্লেখনীয় যে এই প্ৰতিষ্ঠানটোৱে বাঁহ,মৰাপাট আদিৰ দৰে কেঁচা সামগ্ৰীৰ পৰা পৰিবেশ অনুকূল ঘৰুৱা সামগ্ৰী সমূহ বহুদিন ধৰি নিৰ্মাণ কৰি আহিছে ৷ আনহাতে ভাৰতৰ বজাৰত পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে জনপ্ৰিয় প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ৫০টাকৈ নিৰ্মাতা প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা কৰাৰ কথাও ঘোষণা কৰিছে ৷