আণ্ডাৰৱর্ল্ড ডন ডাউদ ইব্ৰাহিমে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে ৷ডাউদৰ ভতিজা আলী শ্বাহে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ আগত এই তথ্য সদৰী কৰিছে ৷লগতে তেওঁ কয় যে দ্বিতীয়বাৰৰ বাবে বিয়া হোৱাৰ পিছতো ডাউদে প্ৰথম পত্নীক বিবাহ বিচ্ছেদ কৰা নাছিল। আলীয়ে ডাউদ বর্তমান পাকিস্তানত আছে বুলি প্ৰকাশ কৰিছে ৷
ইণ্ডিয়া টুডেৰ বাতৰি অনুসৰি এগৰাকী পাকিস্তানী মহিলা হৈছে ডাউদৰ দ্বিতীয় পত্নী। এই কথা তেওঁৰ ভতিজা আলীয়ে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত তদন্তকাৰী সংস্থাক জনাইছিল। অৱশ্যে আলীয়ে লগতে দাবী কৰে যে ডাউদে প্ৰথম পত্নী মেহজাবিন শ্বেখৰ পৰা তালাক লোৱা নাছিল। তেওঁৰ মতে, ২০২২ চনৰ জুলাই মাহত তেওঁ মেহজবিনক লগ পাইছিল। সেই সময়ত মেহজাবিনে তেওঁক ডাউদৰ দ্বিতীয় বিবাহৰ কথা কৈছিল। আলীয়ে লগতে দাবী কৰে যে মেহজবিনে ভাৰতত বাস কৰা দাউদৰ আত্মীয়ৰ সৈতে হোৱাটছএপ কলৰ জৰিয়তে যোগাযোগ কৰিছিল। তেওঁ এন আই এক কয় যে ডাউদ কৰাচীত আছে।
২০১৪ চনত আলীৰ মাতৃ অৰ্থাৎডাউদৰ ভগ্নী হাছিনাৰ হৃদৰোগত মৃত্যু হয়। ৭ বছৰ পূৰ্বে আলীয়ে মুম্বাইৰ এজন ব্যৱসায়ীৰ কন্যা আইছা নগানীক বিয়া কৰাইছিল। লগতে আলীয়ে এন আই এক জনাইছে যে ডাউদৰ দ্বিতীয় পত্নী পাঠান সম্প্ৰদায়ৰ।