পৃথিৱীত এনে কিছুমান ঠাই আছে যিবোৰ ঠাইক ন’ ফ্লাই জ’ন বুলি ঘোষণা কৰা হৈছে অৰ্থাৎ এই ঠাইবোৰৰ ওপৰেৰে বিমান উৰিব নোৱাৰে।
চৰকাৰে কেতিয়াবা কিছুমান ৰাষ্ট্ৰীয় বা আন গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ বাবে কিছু সময়ৰ বাবে ন’ফ্লাই জ’ন ঘোষণা কৰে। অৱশ্যে পৃথিৱীত কিছুমান এনে ঠায়ো আছে যিবোৰক স্থায়ী ন’ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে । এই ঠাইবোৰৰ ভিতৰত আছে-
ডিজনী পাৰ্কছ কেলিফৰ্নিয়া:সমগ্ৰ বিশ্ববিখ্যাত আমেৰিকাৰ কেলিফৰ্ণিয়াত অৱস্থিত ডিজনী পাৰ্ক । কিন্তু কেলিফৰ্ণিয়াৰ এই ডিজনী পাৰ্কৰ ওপৰেৰে কোনো বিমান উৰিব নোৱাৰে ৷ ইয়াৰ ওপৰেৰে বিমান উৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ডিজনী পাৰ্কৰ নিৰাপত্তাৰ বাবে এনে সিদ্ধান্ত লোৱা হৈছে।
তিব্বতঃ তিব্বতক বিশ্বৰ অন্যতম উচ্চ অঞ্চল বুলি গণ্য কৰা হয়, ইয়াৰ গড় উচ্চতা প্ৰায় ১৬০০০ ফুট। ইয়াৰ ওখ পাহাৰৰ বাবে এই সুন্দৰ ঠাইখনত বিমানৰ উৰণ বাধাপ্ৰাপ্ত। যাত্ৰীৰ সুৰক্ষাৰ বাবে এই ঠাইখনক ন’ ফ্লাই জ’ন ঘোষণা কৰা হৈছে ।
মক্কা-মক্কাক ইছলাম ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক স্থান হিচাপে গণ্য কৰা হয়। সেইবাবেই কোনো যাত্ৰীবাহী বিমানকেই মক্কা আৰু বিশেষকৈ ইয়াৰ পবিত্ৰ কবৰৰ ওপৰেৰে উৰিবলৈ দিয়া নহয়।
মাচু পিচু:মাচু পিচুক বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াকো ন’ ফ্লাই জ’ন ঘোষণা কৰা হৈছে। বিখ্যাত পৰ্যটন স্থলী আৰু এই ঐতিহাসিক এই স্থান উৰুবাম্বা উপত্যকাৰ ওপৰৰ এটা পাহাৰত সমুদ্ৰপৃষ্ঠৰ পৰা ২৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ঠাইখন ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য্যৰ বাবে বিখ্যাত, লগতে কেৱল ইয়াতেই গজা বিৰল বন্যপ্ৰাণী আৰু উদ্ভিদ জীৱৰ সংখ্যাৰ বাবেও বিখ্যাত।
ভাৰতৰ আগ্ৰাত অৱস্থিত তাজমহল বিশ্বৰ স্থাপত্যৰ অন্যতম চিনাকি আৰু সুন্দৰ কীৰ্তিচিহ্ন। ইউনেস্কোৱে ১৯৮৩ চনত তাজমহলক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰে। ইয়াৰ ওপৰেৰেও উৰিব নোৱাৰে কোনো বিমানে। খবৰ অনুসৰি, তাজমহল আৰু তাজমহললৈ অহা পৰ্যটকৰ সুৰক্ষাৰ বাবে চৰকাৰে ২০০৬ চনত ইয়াক ন’ফ্লাই জ’ন হিচাপে ঘোষণা কৰিছিল।
বাকিংহাম পেলেচ:যুক্তৰাজ্যৰ বাকিংহাম পেলেচকো ন’ ফ্লাই জ’ন এলেকা হিচাপে ঘোষণা কৰা হৈছে। ই ব্ৰিটিছ ৰয়েল হাউছৰ এক প্ৰতীক। ব্ৰিটেইনৰ ৰাণী বা ৰজা ইয়াত বাস কৰে। ৰাজপ্ৰসাদ আৰু ৰাজপৰিয়ালৰ সুৰক্ষাৰ বাবে এই স্থানক ন’ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে। অৱশ্যে এতিয়া ব্ৰিটেইনৰ আন বহু ঠাইও ন’ ফ্লাই জ’নৰ অন্তৰ্ভুক্ত কৰা হৈছে।