বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে চীন আৰু ভাৰতে স্থান লাভ কৰি আহিছে । কিন্তু যোৱা ৬ দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে চীনৰ জনসংখ্যাৰ হ্ৰাস পাইছে । মঙলবাৰে চৰকাৰী পৰিসংখ্যা সংস্থা ‘নেশ্যনেল ব্যুৰো ষ্টেটিষ্টিকছ’ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে । প্ৰতিবেদন অনুসৰি ২০২২ চনত চীনৰ জনসংখ্যা ৬০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনে হাৰত হ্ৰাস পায়। আনকি ২০২২ চনতো চীনত জন্মৰ হাৰো হ্ৰাস পাইছে।
চীনৰ জনসংখ্যা বিগত বছৰত ১৪.১ কোটিৰ ভিতৰত ৮ লাখ ৫০ হাজাৰ হ্ৰাস পাইছে। যোৱা বছৰ চীনত ৯.৫ কোটি শিশুৰ জন্ম হৈছিল। অৱশ্যে ২০২২ চনত চীনত অধিক লোকৰ মৃত্যু হৈছে। যোৱা বছৰ চীনত মৃত্যুৰ সংখ্যা আছিল ১ কোটি ৪ লাখ। ২০২১ চনৰ শেষলৈকে চীনৰ জনসংখ্যা বৃদ্ধি পাইছিল। কিন্তু সেই বছৰত জন্মৰ হাৰ হ্ৰাস পোৱা দেখা গৈছিল। ২০২১ চনত চীনৰ জন্মৰ হাৰ ১৩ শতাংশ হ্ৰাস পাইছে। চীনৰ স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, ২০২২ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১২ জানুৱাৰীলৈ ৬০ হাজাৰ লোকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছত।
এই পৰিস্থিতি পৰ্যবেক্ষণ কৰি একাংশ বিশেষজ্ঞই কয় যে চীনৰ জনসংখ্যা লাহে লাহে হ্ৰাস পাই থাকিলে ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব। চীনৰ অৰ্থনীতিৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বৰ অৰ্থনীতিও ক্ষতিগ্ৰস্ত হ’ব। পৰিসংখ্যা অনুসৰি চীনত বৃদ্ধৰ সংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ তাৰ ওপৰত তেওঁলোকৰ আশংকা যে জন্মৰ হাৰ হ্ৰাস পোৱাৰ ফলত দেশৰ অৰ্থনীতি আগুৱাই নিব পৰাকৈ জনশক্তিৰ নাটনি হ’ব পাৰে। দ্য নিউয়ৰ্ক টাইমছৰ তথ্য অনুসৰি ১৯৬০ চনত চীনৰ জনসংখ্যা অস্বাভাৱিক হাৰত হ্ৰাস পাইছিল।