শীতৰ দিনত নাক ,কাণ , ডিঙি আদিৰ যত্ন লোৱা উচিত। বিশেষকৈ শীত কালত কাণ বেছিকৈ সংক্ৰমণ হোৱা দেখা যায়। কাণত মলি জমাহৈ বহুত সময়ত সংক্ৰমিত হোৱা দেখা যায় , গতিকে কাণ পৰিষ্কাৰ কৰি ৰখা উচিত। কাণ পৰিষ্কাৰ কৰি ৰখাৰ লগতে খোৱা খাদ্যৰ প্ৰতিও সচেতন থকা জৰুৰী। জানো আহকচোন কোন বিলাক খাদ্য প্ৰতিদিনে খোৱাৰ প্ৰয়োজন আছে —
১) ফল :- কাণৰ পৰা মনলৈ সুস্থ ৰাখিবলৈ হ’লে বতৰৰ ফল খোৱা অতি প্ৰয়োজন। কাণ ভালে ৰাখিবলৈ হ’লে কলৰ পৰা নেমু লৈকে বতৰৰ ফল প্ৰতিদিনৰ খাদ্য তালিকাত ৰাখিব লাগে। এই ধৰণৰ ফলবোৰত ভিটামিন চি’ ৰ পৰিমাণ বহুত বেছি থাকে। এই ভিটামিন বোৰে শৰীৰৰ সংক্ৰমণ জনিত সমস্যা দূৰ কৰে। নেমুত ভিটামিন চি’ ৰ উপৰিও ভিটামিন ই’ ও থকা বাবে শ্ৰৱণ শক্তি বৃদ্ধি কৰিব পাৰে।
২) সাগৰীও মাছ :- ওজন কমোৱাৰ লগতে সাগৰীও মাছে কাণৰ সংক্ৰমণ ৰোধ কৰিব পাৰে। সাগৰীও মাছত ওমেগা ৩ ফেটি এচিদ থাকে। বৃদ্ধ অৱস্থাত বহুতৰে শ্ৰৱণ শক্তি কমি যায় , ইয়াৰ পৰা ৰক্ষা পাবলৈ হ’লে সাগৰীও মাছ খোৱাটো প্ৰয়োজন।
৩) ডাৰ্ক চকলেট :- খাবলৈ মিঠা নহ’লেও ডাৰ্ক চকলেটৰ গুণ বহুত আছে। ডাৰ্ক চকলেটত মেগনেছিয়াম থকাৰ বাবে কাণৰ সংক্ৰমণৰ পৰা আঁতৰাই ৰাখে। কাণৰ তেজ চলাচলতো ডাৰ্ক চকলেটে যথেষ্ট সহায় কৰে।
গাখীৰৰ বস্তু :- গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্যত ভিটামিন এ , ডি , ই , কে ‘ৰ নিচিনা উপকাৰী উপাদান প্ৰচুৰ পৰিমাণে থাকে। ছডিয়াম , মিনাৰেলচ , মেগনেছিয়ামৰ দৰে উপাদান দুগ্ধজাত খাদ্যত থকাৰ বাবে এইবোৰ খাদ্যই কাণৰ সংক্ৰমণৰ আশংকা কমায়। গতিকে কাণ সুস্থ ৰাখিবলৈ হ’লে গাখীৰ দৈৰ দৰে খাদ্য সদায় খোৱা উচিত।