আজি সাহিত্যিক, বুৰঞ্জীবিদ তথা প্ৰত্নতাত্ত্বিক কনকলাল বৰুৱাৰ স্মৃতি দিৱস । আইন ব্যৱসায়েৰে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ ইএচি, মহকুমাধিপতি আৰু ৰেজিষ্ট্ৰাৰ অব কো-অপাৰেটিভ তথা উদ্যোগ বিভাগৰ সঞ্চালক হয় । ১৯২৩ চনত কৃষি বিভাগৰ সঞ্চালক হৈ ১৯২৮ চনত অৱসৰ গ্ৰহণ কৰে । অসমীয়া ভাষাৰ উন্নতিৰ হকে অহোপুৰুষাৰ্থ কৰাসকলৰ অন্যতম আছিল তেওঁ । অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ তেওঁ যুটীয়া সম্পাদক আছিল । জোনাকী আলোচনীৰো সম্পাদক আছিল তেওঁ । কামৰূপ অনুসন্ধান সমিতিৰো সভাপতি আছিল তেওঁ । Early history of Kamrupa, Early History of Assam আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯২৪ চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৪০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।