দক্ষিণ এছিয়াত পোৱা যায় বিশ্বৰ আটাইতকৈ দামী মাছবিধ। উল্লেখ্য যে এই মাছবিধ বিক্ৰী হয় ২.২৫ কোটি টকা পৰ্যন্ত। চীনৰ ফেংচুই মতে এই মাছ বিধ ঘৰত ৰাখিলে ঘৰৰ টকা-পইচা , সম্পত্তি , পৰিয়াল আদিৰ ক্ষেত্ৰত উন্নতি হয়।
এই বিশেষ মাছবিধৰ নাম এৰ’ৱানা (Arowana) । উক্ত মাছবিধৰ কেইবাটাও প্ৰজাতি আছে যদিও এছিয়াত পোৱা এৰ’ৱানা মাছৰ গুৰুত্ব আতাইতকৈ বেছি।উল্লেখ্য যে দক্ষিণ এছিয়াৰ দেশসমূহতহে এই মাছ বেছি পৰিমাণে পোৱা যায়। ভিন্ন ভিন্ন ৰঙী এই মাছবিধৰ ৰঙৰ ওপৰত নিৰ্ভৰ কৰি নামাকৰণ কৰা হয়। এই মাছ বিধক ড্ৰেগন ফিছ বুলিও কোৱা হয়। এছিয়াৰ লোকসকলে এই মাছবিধ একুৰিয়ামত পোহে।
আমোদজনক কথাটো হ’ল যে বিভিন্ন মাছৰ ভিতৰত এৰ‘ৱানা প্ৰজাতিৰ মাছৰ মতা মাছটোৱেহে ৫০ দিনৰ বাবে পোৱালী জগিবলগীয়া কণী সমূহ মুখৰ ভিতৰত লৈ থাকে।আনহাতে মুখৰ ভিতৰতে মাছৰ পোৱালীবোৰ জন্ম হৈ অলপ ডাঙৰ হোৱাৰ পাচতহে মুখৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে এই মাছবিধে।
এৰ’ৱানা মাছ ৩৫ ইন্সিলৈকে বাঢ়ে ।উল্লেখযোগ্য কথা এই যে অন্য মাছতকৈ এই মাছৰ উশাহ লোৱাৰ গতি অতি কম। আনহাতে এই মাছবিধে এবাৰত ৩০ ৰ পৰা ১০০ টা পৰ্যন্ত কণী দিয়ে , যিবোৰ অন্য মাছৰ কণীবোৰতকৈ আকাৰত ডাঙৰ হয়।
উল্লেখ্য যে সমগ্ৰ বিশ্বৰ ভিতৰত ৩৫০ তকৈয়ো অধিক এই এৰ’ৱানা মাছৰ ফাৰ্ম আছে। এছিয়াত এই মাছৰ উৎপাদনৰ হিচাপত প্ৰতি বছৰে ১৪৮২ কোটি টকালৈ বিক্ৰী হয়। ফেং চুই মতে পানীত থকা ৰঙা , সোণালী আদিবোৰ ৰঙে শান্তি কঢ়িয়াই। সেইবাবে দক্ষিণ এছিয়াৰ বহুতো লোকে একুৰিয়ামত এই ভিন্ন ৰঙী মাছবিধ পোহা দেখা যায়।