তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামিলেও দিল্লীত বৰফ নপৰে! এই তথ্য প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে । বিগত কিছুদিনত দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ভয়াৱহ শীতৰ প্ৰভাৱ পৰিলক্ষিত হৈছে । তাপমাত্ৰা ২ ডিগ্ৰী চেলছিয়াছলৈহ্ৰাস পাইছে। দিল্লীৰ তাপমাত্ৰা দিনক দিনে কমি অহাৰ লগে লগে ৰাজধানী চহৰৰ তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামি অহাটো অস্বাভাৱিক নহয় বুলি ভবা হৈছে । যাৰ বাবে দিল্লীবাসীয়ে বৰফ পৰিব নেকি তাক লৈ উদ্বিগ্ন হৈ পৰিছে ৷ সেই জল্পনা-কল্পনাৰ অন্ত পেলাই মৌসম ভৱনৰ বিষয়াসকলে জনাইছে যে তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামিলেও দিল্লীৰ বাবে বৰফ পৰাটো কাৰ্যতঃ অসম্ভৱ। ভৌগোলিক কাৰকৰ বাহিৰেও ইয়াৰ আঁৰত বতৰ সম্পৰ্কীয় কেইবাটাও কাৰিকৰী কাৰক আছে।
ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মৌসম ভৱনৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহপাত্ৰই কয়, “তুষাৰপাতৰ বাবে এক বিশেষ ধৰণৰ ডাৱৰৰ প্ৰয়োজন। দিল্লীৰ দৰে সমতল অঞ্চলত সেই ডাৱৰবোৰ গঠন হোৱাটো সম্ভৱ নহয়। শীতকালত দিল্লীত যদি আকাশ মেঘাছন্ন হয়, তেন্তে তাপমাত্ৰা বৃদ্ধি পাব।”
লগতে বৰফ গঠন হ’বলৈ হ’লে পৃষ্ঠৰ উষ্ণতাও শূণ্যৰ তললৈ যাব লাগিব। যিটো ৰাজধানী দিল্লীত বিৰল। যিকোনো সময়ত উষ্ণতা শূন্যৰ তলত থাকিলেও বেছি দিন অব্যাহত নাথাকিব। গতিকে বৰফ পৰাৰ সম্ভাৱনা নাই ৷প্ৰসংগক্ৰমে দিল্লীৰ তাপমাত্ৰা মুছৌৰী আৰু ছিমলাৰ দৰে ঠাইৰ তুলনাত কম হোৱাৰ বাবে বৰফ পৰাৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। মঙলবাৰে দিল্লীৰ তাপমাত্ৰা ২.৪ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়।