তালিবানী শাস্তি মানেই অতি কঠোৰ শাস্তি ৷ আফগানিস্তানত চৰকাৰ গঠনৰ পাছত তালিবান চৰকাৰেও লঘু অপৰাধতে গুৰুতৰ শাস্তি প্ৰদান কৰি আহিছে ৷ আফগানিস্তানৰ বৰ্তমানৰ শাসকে চুৰি কৰাৰ বাবে শাস্তি হিচাপে চাৰিজন লোকৰ হাত কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। কান্দাহাৰৰ আহমদ শ্বাহী ষ্টেডিয়ামত মুঠ ৯ জন লোকক শাস্তি প্ৰদান কৰা হয়। ইয়াৰে কিছুমানৰ বিৰুদ্ধে চুৰিৰ অভিযোগআৰু আন কাৰোবাক ‘বিকৃত’ যৌন সম্পৰ্কৰ শাস্তি দিয়া হৈছিল।
শাস্তি প্ৰদানৰ সময়ত বহুলোকে ভিৰ কৰিছল ষ্টেডিয়ামত। যেন এখন ডাঙৰ ৰোমাঞ্চকৰ খেল আৰম্ভ হৈছে। কিন্তু সেয়া খেল নহয়, এইটো এটা ভয়ংকৰ খেল! যোৱা মঙলবাৰে আহমদ শ্বাহী ষ্টেডিয়ামলৈ ভিৰ কৰিছিল কান্দাহাৰৰ ৰাইজে। উপলক্ষে, নজনক শাস্তি দিয়াৰ ৰীতি। আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম “ট’লো নিউজ” য়ে টুইট কৰি কয় যে, মঙলবাৰে কান্দাহাৰৰ আহমদ শ্বাহী ষ্টেডিয়ামত ৯ জন দোষীক শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। চুৰি আৰু ‘বিকৃত’ যৌন সম্পৰ্কৰ অভিযোগ।’ স্থানীয় প্ৰাদেশিক ৰাজ্যপাল হাজী জাইদে কয় যে প্ৰতিজন দোষীক ৩৫ৰ পৰা ৩৯ বাৰ কোব দিয়া হৈছে। অৱশ্যে হাতখন কাটি পেলোৱাৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা হোৱা নাছিল।
ইংলেণ্ডৰ আফগান শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰীৰ উপদেষ্টা শ্ববনাম নাছিমিয়ে এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যদিও তালিবানে মূৰ কাটি দিয়াৰ কথা ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাছিল। তেওঁ কয়, ‘কান্দাহাৰৰ এখন ফুটবল ষ্টেডিয়ামত তালিবানে সকলোৰে সন্মুখত চাৰিজন লোকৰ হাত কাটি পেলালে। আত্মৰক্ষাৰ কোনো সুযোগ নোপোৱাকৈ যি ধৰণেৰে কোবাই কোবাই হাত কাটি পেলোৱাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হৈছে সেয়া মানৱ অধিকাৰৰ স্পষ্ট উলংঘন।