সমগ্ৰ দেশতে ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে স্বাধীনতা যুদ্ধৰ শ্বহীদসকলক স্মৰণ কৰাৰ উদ্যোগ লৈছে নৰেন্দ্ৰ মোদী চৰকাৰে। অহা ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ হত্যাকাণ্ডৰ দিনটোত ২ মিনিট মৌনতা অৱলম্বন কৰি এই কাৰ্যসূচী পালন কৰা হ’ব।
ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰি অহা ৩০ জানুৱাৰীৰ পুৱা ১১ বজাৰ পৰা ২ মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। ছাইৰেনেৰে আৰম্ভ হ’ব এই কাৰ্যসূচী। ইয়াৰ লগে লগে শ্বহীদৰ স্মৃতিত ‘গাৰ্ড অৱ অনাৰ’ত চাইৰেন আৰু টোপধ্বনিৰে শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব ৷
গৃহ মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি মৌনতাৰ কাৰ্যসূচীৰ সময়ত সকলোৱে থিয় হ’ব লাগিব। আনুষ্ঠানিক কাৰ্যসূচীৰ উপৰিও বিজেপিৰ নেতা-কৰ্মীসকলে ৰাজ্যত পৃথকে পৃথকে স্বাধীনতা যুদ্ধৰ শ্বহীদসকলক স্মৰণ কৰাৰ বাবে কাৰ্যসূচী অনুষ্ঠিত কৰিব।