আজি বিদগ্ধ সংস্কৃত পণ্ডিত তথা প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ স্মৃতি দিৱস । লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি উভতি অহাৰ পিছত ১৮৭০ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয় । তেওঁ আছিল অসমৰ প্ৰথমগৰাকী গ্ৰজুৱেট, অধিবক্তা তথা প্ৰশাসনিক বিষয়া । দেশীয় প্ৰেক্ষাপটত তেওঁ আছিল ভাৰতীয় প্ৰশাসনিক সেৱাৰ পঞ্চমগৰাকী বিষয়া । তেওঁ শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত আছিল । পিছলৈ তেওঁক বংগলৈ বদলি কৰা হয় । তেওঁ তিনিটা খণ্ডত English-Sanskrit Dictionary প্ৰণয়ন কৰে । মহাবীৰ চৰিতম, সৰস্বতী কথাভৰণম, নামলিংগানুশাসন আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৮৮৯ চনত তেওঁৰ দেহাৱসান ঘটে । বৰেণ্য ব্যক্তিগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক, সমালোচক ডঃ হেমন্ত কুমাৰ শৰ্মাৰ স্মৃতি দিৱস । তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল । তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আদি বিভিন্ন সংস্থাৰ সৈতে জড়িত আছিল । তেওঁ অসম সাহিত্য সভাৰ সম্পাদক আছিল । অসমীয়া সাহিত্যৰ দৃষ্টিপাত, অসমীয়া সাহিত্যৰ ৰেঙণি, সাহিত্য বিচিত্ৰা, অসমীয়া লোকগীত সঞ্চয়ন আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯৯২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিক, সমালোচকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট সাংবাদিক ৰাধিকামোহন ভাগৱতীৰ ওপজা দিন । ১৯৩৩ চনৰ আজিৰ দিনটোতে জামুগুৰিহাটৰ গেৰেকীচুকত তেওঁৰ জন্ম হৈছিল । ১৯৫৮ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়, গুৱাহাটীৰ সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰাৰ পিছত তেওঁ ১৯৫৮ চনত নতুন অসমীয়া কাকতত যোগদান কৰে । ১৯৬০ চনত ৰামধেনু আলোচনীৰ সহকাৰী সম্পাদক আৰু ১৯৬৩ চনত সম্পাদক নিযুক্ত হয় । পিছলৈ তেওঁ আজিৰ অসম, ছেণ্টিনেল (হিন্দী), আজিৰ দৈনিক বাতৰি আৰু দৈনিক অসমৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে । ছেণ্টিনেল গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত অসমৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় দ্বিভাষিক সাপ্তাহিক কাকত ‘দ্য হোম লিংক’ৰ অসমীয়া শাখাৰ সম্পাদনা কৰিছিল তেওঁ । দ্য ষ্টোৰী অব আৱাৰ নিউজ পেপাৰ্ছৰ অসমীয়া ভাঙনিৰ বাবে ১৯৯১ চনত তেওঁ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে । তেওঁ ৰক্তজবা, বনৰীয়া ফুল, এজন ৰজা আছিলকে ধৰি প্ৰায় ১৯খন গ্ৰন্থ ৰচনা কৰিছিল । বৰেণ্য সাংবাদিকগৰাকীলৈ আমাৰ প্ৰণাম ।