ব্ৰাজিলৰ উত্তৰ-পূবত অৱস্থিত এই চহৰখনৰ নাম হৈছে ছালভাডৰ, ব্ৰাজিলৰ বাহিয়া ৰাজ্যৰ ৰাজধানী এই ছালভাডৰ চহৰ। এই চহৰখন পৰ্তুগালৰ স্থাপত্যৰ বাবে অতি বিখ্যাত। এই ঠাইলৈযোৱা লোকসকলে এই কথা অনুভৱ কৰিব পাৰে যে ঠাইখনত যেন প্ৰতিমূহুৰ্ততেই কিবা এটা উৎসৱ হে পালন কৰা হৈছে।
অতি আকৰ্ষণীয় ধুনীয়া ধুনীয়া বিলেৰে আগুৰি থকা এই চহৰখনৰ মানুহে পেষ্টেল ৰং কৰা দেৱালবোৰ অতি ধুনীয়া বুলি বিবেচনা কৰে। আমোদজনকভাৱে ইয়াত আফ্ৰিকান আৰু ব্ৰাজিলৰ খাদ্যও উপলব্ধ। ইয়াত মানুহে প্ৰায়ে সাংস্কৃতিক উৎসৱ ছাম্বা আৰু অন্যান্য আফ্ৰিকান নৃত্যৰে উৎসৱ উদযাপন কৰা দেখা যায়। ইয়াৰ মানুহে সদায় নিজৰ পৰিচয়,স্বকীয় ঐতিহ্য-সংস্কৃতি ৰক্ষা কৰিবলৈ চেষ্টা কৰে।
ব্ৰাজিলৰ বাহিয়া ৰাজ্যৰ ৰাজধানী ছালভাডৰ ডি বাহিয়া যি সমগ্ৰ বিশ্বতে ছালভাডৰ নামেৰে অধিক পৰিচিত ।
ব্ৰাজিলৰ উত্তৰ-পূব উপকূলৰ কাষত দেশখনৰ ভিতৰতে আকৰ্ষণীয় এই ছালভাডৰত চহৰক বহুতে আধুনিক ব্ৰাজিলৰ জন্মস্থান বুলি গণ্য কৰে।ইয়াৰ স্থানীয় লোক সকলৰ এটা কথা আছে ৷ সেয়া হ’ল –‘চেম প্ৰেছা, অলহা পাৰা অ’ চেউ, ফালা ক’ম ডেউছ, ভ’চে টা না বাহিয়া’ অৰ্থাৎ সময় উলিয়াওক, আকাশলৈ চাওক, ঈশ্বৰৰ লগত কথা পাতক, আপুনি বাহিয়াত আছে ৷
এই চহৰৰ স্থানীয় লোকসকল ছ’টেৰ’পলিটানোছ নামেৰে জনাজাত ৷ ছালভাডৰৰ বুকুত আনন্দেৰে বসবাস কৰা এই ছ’টেৰ’পলিটানোছ সকলে দিনটোৰ আৰম্ভণিৰ পৰাই সংগীতৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতি থকা ভালপোৱাৰে নিজৰ জীৱন ৰঙীন কৰি ৰখাৰ লগতে ইয়ালৈ অহা অতিথি সকলৰ মনো ৰঞ্জিত কৰে।