মধ্য অসমৰ মৰিগাঁও জিলাৰ দক্ষিণ -পশ্চিমত অৱস্থিত গোভা মৌজাৰ জোনবিল পথাৰত মাঘৰ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয়। পাহাৰ-ভৈয়ামৰ শান্তি – সম্প্ৰীতিৰ এনাজৰী এই জোনবিল মেলা। প্ৰবাদ অনুসৰি – জোনবিল মেলা গোভা ৰজাৰ ‘নৱান খোৱা’ অৰ্থাৎ নখোৱা উৎসৱ। গোভা ৰজাৰ নৱান খোৱাৰ সোঁৱৰণিত প্ৰতি বছৰে পতা হয় এই জোনবিল মেলা।
কিংবদন্তি অনুসৰি , গোভা ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজাই ( কিছুমানৰ মতে ৰজা পাণ্টেশ্বৰ) শুক্ল পক্ষৰ সুন্দৰ ৰাতি ৰাণীৰ সৈতে বিহাৰ কৰি আহি এখন বিলৰ পাৰত অৱস্থান কৰে তেতিয়াই বিলৰ ফটফটীয়া জলৰাশিত প্ৰতিবিম্বিত সুন্দৰ জোনটি দেখি ৰজা-ৰাণী আনন্দত আত্মহাৰা হৈ পৰে। আৰু লগে লগে ৰজাৰ আদেশত ৰজা-ৰাণীক আনন্দ দিয়া সেই জোন প্ৰতিবিম্বিত বিল খনৰ নাম হৈ পৰে জোনৰ বিল অৰ্থাৎ জোনবিল। আকৌ তাতে ৰজাৰ আদেশ অনুসৰি ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ মেলা অনুষ্ঠিত হ’বলৈ ধৰিলে , যি ক্ৰমে জনাজাত হৈ পৰিল বিখ্যাত ‘ জোনবিল মেলা ৰূপে।
অতীজৰে পৰা ভৈয়ামৰ তিৱা আৰু অনা তিৱাৰ মাজত জোনবিল হাটত বিনিময় প্ৰথা প্ৰচলিত হৈ আহিছে।
বৰ্তমান সময়ত জোনবিল মেলা বুলি ক’লেই আমাৰ মনলৈ আহে অসমৰ জাতি-বৰ্ণ , ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেসে সকলো শ্ৰেণীৰ লোকেৰে লোকাৰণ্য হোৱা এটি জনসমুদ্ৰলৈ। পৌৰাণিক পৰম্পৰাক তিয়া সকলে নিষ্ঠা আৰু গৌৰৱেৰে আজিৰ দিনতো ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি আহিছে -য’ত আছে প্ৰাচীন মানৱ সভ্যতাৰ সুন্দৰ আদান-প্ৰদান আৰু বিচিত্ৰ বিনিময় প্ৰথা। পাহাৰ -ভৈয়ামৰ লোকৰ মধুৰ সম্পৰ্ক আৰু সুন্দৰ সমন্বয়ৰ লেখ , তিয়া জনজাতিৰ বৈচিত্ৰময় নৃত্য-গীত, প্ৰাচীন গোভা ৰজাৰ কৰ -কাটল সংগ্ৰহৰ নমুনা আৰু হাট-বজাৰ আদি। স্বাভাৱিকতে জোনবিল মেলা যেন জোনৰ স্নিগ্ধ পোহৰৰ মেলা , যি মেলাত প্ৰতিভাত হয় বিভিন্ন চিন্তা-চৰ্চা , আনন্দ ফুৰ্তিৰে মানুহক আদৰি লোৱাৰ এক সীমাহীন আনন্দৰ প্ৰতিধ্বনি।
প্ৰাচীন তিয়াৰ ‘গোভা ৰাজ্য’ শাসিত বৰ্তমানৰ জাগীৰোডৰ সমীপত ইতিহাসৰ জীৱন্ত সাক্ষী জোনবিলৰ পাৰতেই মাঘ বিহুৰ সময়ত উদযাপিত হয় বিখ্যাত জোনবিল মেলা। বিহুৰ পিছৰটো বৃহস্পতি বাৰৰ পৰা আৰম্ভ কৰি মুঠতে তিনিদিন ধৰি চলে এই জোনবিল মেলা।
জোনবিল মেলাৰ প্ৰথমদিনা মেঘালয় আৰু কাৰ্বিআলং আদিৰ পৰা মামা-মামি সকল নামি আহে। পাহাৰত উৎপাদিত হোৱা আদা ,কচু , হালধি , কোমোৰা , তিল , জলকীয়া , পাহাৰীয়া আলু আৰু বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী লগত লৈ আহে।
জোনবিল মেলাৰ দ্বিতীয় দিনা পুঁৱতি নিশাৰ পৰাই আৰম্ভ হয় বিনিময় প্ৰথা। মামা-মামিৰ আলু-কচুৰ সৈতে ভৈয়ামৰ তিৱা-অনাতিৱা ভাই-ভনি হঁতে চিৰা , পিঠা , সান্দহ , কেঁচামাছ , শুকান মাছ ,ভাপত দিয়া বৰা চাউল আদিৰে বিনিময় আৰম্ভ কৰে। এই বিনিময় প্ৰথাত টকা-পইচাৰ লেন-দেন নহয়। বাস্তৱিকতে দিয়া-লোৱাৰ কি এক অপূৰ্ব ব্যৱস্থা আৰু এয়াই যেন ঐতিহ্যবহনকাৰী ‘জোনবিল মেলা ‘ৰ মূল বৈশিষ্ট্য — য’ত আছে সীমাহীন আন্তৰিকতা , বুজাবুজি আৰু সমন্বয়-সম্প্ৰীতিৰ সঁচা ৰূপ। ৰজাদিনীয়া কালৰে পৰা আজিৰ দিনতো জোনবিল মেলাত বিনিময় প্ৰথা চলি আহিছে এয়া বৰ গৌৰৱৰ বিষয়। শান্তি -সম্প্ৰীতিৰ ঐতিহ্য বহনকাৰী জোনবিল মেলা অকল মধ্য অসমৰে নহয় , সমগ্ৰ অসমবাসীৰ গৌৰৱ।