পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত এক জাকজমকতাপূৰ্ণ অনুষ্ঠানত ৰাধিকা মাৰ্চেণ্ট আৰু আম্বানী পৰিয়ালৰ পুত্ৰ অনন্ত আম্বানী দুয়ো দুয়োৰে ওচৰত বাগদত্তা হিচাপে প্ৰতিশ্ৰুতিবদ্ধ হয়। আনহাতে ইয়াৰ সমান্তৰালকৈ অতি আড়ম্বৰেৰে অনুষ্ঠিত হয় গুজৰাটী হিন্দু পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা গোল ধনাৰ পৰম্পৰা । মুম্বাইত অৱস্থিত আম্বানীৰ বাসগৃহ এন্টিলিয়াত অনুষ্ঠিত হয় এই অনুষ্ঠান য’ত গোটেই পৰিয়ালটোক একেলগে দেখা পোৱা গ’ল।
আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা কি এই গোল ধনা অনুষ্ঠান?
‘গোল ধনা’ গুজৰাটী পৰম্পৰাত বিবাহৰ পূৰ্বে অনুষ্ঠিত হোৱা এক পৰম্পৰাগত অনুষ্ঠান, য’ত অতিথিসকলক গুড় আৰু ধনীয়াৰ গুটি বিতৰণ কৰা হয়। এই সামগ্ৰীসমূহ দৰাৰ ঘৰলৈ পঠিওৱা হয়, য’ত এই অনুষ্ঠানটো অনুষ্ঠিত হয়। কইনাৰ পৰিয়ালে দৰাৰ ঘৰলৈ উপহাৰ আৰু মিঠাই আনে আৰু তাৰ পিছত দম্পতীহালে আঙঠি বিনিময় কৰে।
এই অনুষ্ঠানত উপস্থিত বলীউডৰ বহু চেলিব্ৰিটি-
অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ এই এংগেজমেণ্ট পাৰ্টিত অক্ষয় কুমাৰ, ছলমান খান, চাৰা আলী খানকে ধৰি বহু বলীউড তাৰকাই অংশগ্ৰহণ কৰে। অনন্ত আম্বানীৰ ভগ্নী ঈশা আম্বানীয়ে এংগেজমেণ্ট অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত অনন্ত-ৰাধিকাই পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সন্মুখত ইজনে সিজনক এংগেজমেণ্ট ৰিং পিন্ধাই ভৱিষ্যতে ইজনে সিজনৰ জীৱন সংগী হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । অনুষ্ঠানৰ পিছত দম্পতীহালে সকলোৰে আশীৰ্বাদ ল’লে।ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই অনুষ্ঠানসমূহৰ ভিডিঅ’।