পৃথিৱীত বিভিন্ন প্ৰকাৰৰ মানুহ আছে , যিবোৰ মানুহৰ কাম –কাজো ভিন্ন ভিন্ন। বহুতো লোকৰ ক্ষেত্ৰত দেখা যায় যে নিজৰ দৈনন্দিন জীৱনত একেধৰণৰ কাম কৰি তেঁওলোকে আমনি পায়। কিন্তু এই পৃথিৱীতে এনে কিছুমান কাম আছে , যিবোৰ কাম যিকোনো মানুহৰ দ্বাৰা কৰা সম্ভৱো নহয়। নিজৰ জীৱনটোৰ কথা নাভাবি কৰিবলগীয়া হয় এনেধৰণৰ কাম। সহজ অৰ্থত ক’বলৈ গ’লে কিছুমান লোকে এই টান কামবোৰ কৰাৰ বাবেহে বাকীসকল লোকে শান্তিৰে জীৱন কটাব পাৰিছে।
এই কামসমূহ হৈছে-
- “Astronaut“ – মহাকাশচাৰী হোৱাটো বহুতো লোকৰে সপোন , কিন্তু খুব কম সংখ্যক লোকেহে এইধৰণৰ সপোন পূৰণ কৰিবলৈ সুযোগ পায়। দৰাচলতে মহাকাশলৈ উৰা মাৰা এই মহাকাশচাৰীসকলৰ জীৱনৰ কোনো ভৰসা নাথাকে। তেঁওলোকে আকৌ নিজৰ গ্ৰহলৈ উভতি আহিব পাৰিব নে নোৱাৰে সেই কথা হয়তো তেঁওলোকেও নাজানে।
- “Highest Voltage Transmission Line Workers” – ই এক এনে একধৰণৰ কাম য’ত কৰ্মচাৰীসকলে বৈদ্যুতিক তাঁৰৰ ওপৰত নিজৰ ভাৰসাম্য ৰক্ষা কৰি বিদ্যুৎ বিভাগৰ কাম কৰিব লগীয়া হয়। আনহাতে এই বৈদ্যুতিক তাঁৰসমূহ মাটিৰ পৰা বহুত ওপৰত থাকে।
- “Mining” – মাটিৰ তলত খননৰ কাম কৰা লোকসকলে আন্ধাৰৰ মাজত, নিজৰ জীৱনটো সংকটত পেলাই কৰ্তব্য পালন কৰিবলগীয়া হয়।
- “Mountains Road Workers” এই ক্ষেত্ৰত কৰ্মচাৰী সকলে এডাল ৰচীৰ সহায়ত নিজকে বান্ধি লৈ পাহাৰীয়া দুৰ্গম এলেকাত যাতায়তৰ সুবিধাৰ বাবে ৰাস্তা খানি উলিওৱাৰ কাম কৰে।
- “Fire-Fighter”- এই সকল লোকে জুই লগা ঠাইৰ পৰা কোনো লোকক উদ্ধাৰ কৰা কাম কৰে ।
- “Washing Workers Of Skyscraper Buildings“ – যদি কোনোবা লোকে ওখ ঠাইলৈ ভয় কৰে তেন্তে এই কাম তেনে লোকৰ বাবে একেবাৰেই সহজ নহয়। কাৰণ এই কৰ্মচাৰী সকলে নিজকে এডাল ৰচীৰ সহায়েৰে বান্ধি ওখ বিল্ডিংৰ গ্লাচ পৰিষ্কাৰ কৰা কাম কৰে।
- “Bomb Technician’’- এই লোকসকল হৈছে নিজৰ জীৱন-মৃত্যুৰ লগত খেলা কৰা এচাম লোক। নিজৰ জীৱনৰ কথাও পাহৰি এই লোকসকলে আনৰ সুৰক্ষাৰ বাবে কাম কৰে।