বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ লগতে মুখৰ ছালতো বয়সৰ চাপ পঢ়িবই , ই অতি স্বাভাৱিক কথা। এনে অৱস্থাত ছালৰ যত্ন লোৱা বিশেষ জৰুৰী। ক্লিনজিং , ময়েশ্চাৰাইজিং কৰাৰ উপৰিও ছাল এক্সফোলিয়েট কৰাও প্ৰয়োজন ।
ছালত স্ক্ৰাব কৰিবলৈ হ’লে চেনিৰ নিচিনা প্ৰাকৃতিক উপাদান নাই বুলিয়ে ক’ব পাৰি। চেনিৰ স্ক্ৰাব কৰিলে মুখৰ মৃত উপাদানবোৰ আতৰাই ছালখন সুস্থ আৰু উজ্বল কৰিব পাৰি।
প্ৰাকৃতিক ভাৱে স্ক্ৰাব এনেদৰে তৈয়াৰ কৰিব পাৰি–
এক চামুচ গ্ৰীণ টি’ , এক চামুচ চেনি আৰু তাতে সামান্য পৰিমাণৰ অলিভ অয়েল মিশ্ৰণ কৰি ল’ব লাগে।
এই মিশ্ৰণটি তৈয়াৰ হোৱাৰ পিছত গোটেই মুখত ভালকৈ সানি ল’ব লাগে। কিছু সময়ৰ পিছত শুকাই যোৱাৰ পিছত মুখ খন ধুই দিব লাগে। এই ধৰণে স্ক্ৰাব বৱহাৰ কৰিলে মুখৰ উজ্বলতা বঢ়োৱাৰ লগতে ব্ৰণ নোহোৱা কৰে।
মধু প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট। এক চামুচ চেনীৰ লগত এক চামুচ মৌ মিহলাই স্ক্ৰাব কৰিলে ব্লেকহেডছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই মিশ্ৰণ টি ভালকৰি মিহলাই মুখত লাহে লাহে সানিব লাগে আৰু আধা ঘণ্টাৰ পিছত মুখ খন ধুই দিব লাগে।
এক চামুচ দৈ আৰু এক চামুচ চেনিৰ লগত কেই ফোটমান মৌ মিহলাই মিশ্ৰণটি বনাই ল’ব লাগে। পেষ্টটো মুখত লগাই শুকাই যোৱাৰ পিছত ধুই দিব লাগে।
বিলাহীৰ ৰস আৰু চেনীৰ মিশ্ৰণ কৰি মুখত লগালে মুখৰ উজলতা বাঢ়ে আৰু বয়সৰ চাপে সৌন্দৰ্যক ম্লান কৰিব নোৱাৰে।