সমগ্ৰ পৃথিৱীতে এনে বহু ৰহস্য আছে যিবোৰৰ বিষয়ে আজিলৈকে কোনেও একো জানিব পৰা নাই। দক্ষিণ এছিয়াৰ দেশ লাওছত আছে তেনে এক ৰহস্য য’ত যুগ যুগ ধৰি শ শ শিলৰ পাত্ৰ পৰি থকা দেখা পোৱা গৈছে।এই শিলৰ বাচনবোৰক ‘প্লেন অৱ জাৰ’ অৰ্থাৎ ‘পাত্ৰৰ সমতল’ বুলি কোৱা হয়।দেশখনৰ মাটিত থকা ডাঙৰ ডাঙৰ শিলৰ পাত্ৰবোৰ এতিয়াও ৰহস্যৰ আৱৰ্তত যি সমগ্ৰ পৃথিৱীবাসীকে আচৰিত কৰি তোলে।
লাওছৰ ছিয়াংখুৱাং প্ৰদেশত ৯০তকৈও অধিক এনে ঠাই আছে য’ত ৪০০ৰো অধিক শিলৰ এনে পাত্ৰ আছে। এনে বহু পাত্ৰৰ ঢাকনিও শিলৰ। কোৱা হয় যে এই পাত্ৰবোৰৰ উচ্চতা একৰ পৰা তিনি মিটাৰলৈকে ৷লাইফষ্টাইল নামা নামৰ এক সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদনত অনুসৰি ১৯৬৪ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত ভিয়েটনাম যুদ্ধৰ সময়ত আমেৰিকাৰ বায়ুসেনাই ছিয়াংখুৱাং প্ৰদেশত ২৬ কোটিতকৈও অধিক ক্লাষ্টাৰ বোমা নিক্ষেপ কৰিছিল যদিও ইয়াৰে কেইবা নিযুত বোমা বিস্ফোৰণ হোৱা নাছিল আৰু তেতিয়াৰ পৰাই এই বিস্ফোৰণ নোহোৱা বোমা সমূহেই আজিও দেশখনৰ বহু অঞ্চলত
শিলৰ পাত্ৰৰ দৰে পৰি আছে । অৱশ্যে চৰকাৰে ইতিমধ্যে কিছুমান ঠাইৰ পৰা এই বোমাবোৰ আঁতৰাই পেলাইছে। প্ৰত্নতত্ত্ববিদসকলৰ মতে এই হাজাৰ হাজাৰ ৰহস্যময় শিলৰ পাত্ৰসমূহ লৌহ যুগৰ।
যদিও সেই সময়ত এইবোৰ কিয় তৈয়াৰ কৰা হৈছিল তাৰ ৰহস্য এতিয়াও স্পষ্ট হোৱা নাই তথাপি কিছুমান বিজ্ঞানীৰ মতে আকৌ মানুহৰ অন্তেষ্টি ক্ৰিয়াৰ সময়ত এইবোৰক কলহ হিচাপে ব্যৱহাৰ কৰা হৈছিল ।এই ৰহস্যময় আৰু অনন্য স্থান ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত। লাওছ চৰকাৰে বহু আগতেই ইয়াৰ বাবে আবেদন কৰিছিল আৰু তাৰ পিছতেই ২০১৯ চনৰ ৬ জুলাইত এই ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হয়।